ETV Bharat / state

মিজো আগ্ৰাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - border dispute

মিজোৰামে দখল কৰা ভূমিত উপস্থিত হয় কমলাক্ষ দে’ পুৰকায়স্থ আৰু মনিলাল গোৱালা । অসমৰ ভূমি মিজো আগ্ৰাসনৰ বিৰুদ্ধে কৰিমগঞ্জ কংগ্ৰেছৰ প্ৰতিবাদ । বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত উলিওৱা হয় এই সমদল ।

congress protest at karimganj
congress protest at karimganj
author img

By

Published : Oct 20, 2020, 7:34 PM IST

কৰিমগঞ্জ, 20 অক্টোবৰ : অসমৰ ভূমি মিজো আগ্ৰাসনৰ বিৰুদ্ধে কৰিমগঞ্জ কংগ্ৰেছৰ প্ৰতিবাদ । বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত উলিওৱা হয় এই সমদল । মেদলীছৰাৰ পৰা মিজো দখলীকৃত ভূমিলৈ যোৱাৰ চেষ্টা দলটোৰ ৷ কিন্তু সমদলকাৰীক সেই স্থানলৈ বাধা প্ৰদান কৰে অসম আৰক্ষীয়ে । পৰৱৰ্তী সময়ত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু প্ৰাক্তন বিধায়ক মনিলাল গোৱালাক সেই ঠাইলৈ যাবলৈ দিয়া হয় ।

অসম-মিজোৰাম সীমান্তত পৰিস্থিতিৰ বুজ ল’লে বিধায়ক কমলাক্ষই

মিজোৰামে দখল কৰা ভূমিত উপস্থিত হয় কমলাক্ষ দে’ পুৰকায়স্থ আৰু মনিলাল গোৱালা । সেই ঠাইত উপস্থিত আছিল মিজোৰামৰ মোমিট জিলাৰ আৰক্ষী অধীক্ষক । বিধায়কে সকলো পক্ষকে শান্তি অটুট ৰাখিবলৈ আহ্বান জনায় ৷ পৰৱৰ্তী সময়ত বিধায়ক গৰাকীয়ে তেওঁৰ বক্তব্যত বিজেপি চৰকাৰৰ দুৰ্বল স্থিতি সন্দৰ্ভত কঠোৰ সমালোচনা কৰে । লগতে মিজোৰ আক্ৰমণত নিহত লোকক ৫০ লাখকৈ টকাৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনায় বিধায়কজনে ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসম-মিজোৰাম সীমান্তত সীমা বিবাদ চলি আছে যদিও শনিবাৰে এই বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ মিজো দুৰ্বৃত্তৰ আক্ৰমণ অৰ্ধশতাধিক লোক আহত হয় ৷ প্ৰাণৰ মমতাত সীমান্ত অঞ্চল এৰি পলায়ন কৰে অসমৰ লোক সকলে ৷ বৰ্তমানেও সেই স্থানত তহল দি আছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ৷
লগতে পঢ়ক : লুইতৰ বুকুত জাহ যোৱাৰ দিশে বহৰি সত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.