ETV Bharat / state

প্ৰাক্তনমন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু - Nilambazar

কোটি টকীয়া আচঁনিক কেন্দ্ৰ কৰি এই ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাসে ধলছড়া পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে এক কোটি টকা আবন্টন কৰিছিল । কৰিমগঞ্জৰ জিলাধিপতিয়ে আচঁনিৰ ধন ৰূপায়নৰ বাবে এখন কমিটি বনাই দিছিল, আৰু এই কমিটিৰ প্ৰধানৰ দায়িত্বত আছিল নিলামবজাৰ চক্ৰ বিষয়া ওদিউল ইছলাম ।

CO LOUNCH FIR AGAINST EX MINISTER SIDDIK AHMED.
প্ৰাক্তনমন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Jun 22, 2020, 9:38 PM IST

কৰিমগঞ্জ, 22 জুনঃ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । নিলামবজাৰ চক্ৰ বিষয়া ওদিউল ইছলামে পাথাৰকান্দি আৰক্ষী থানাত প্ৰাক্তনমন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে । প্ৰশাসনিক বিষয়াগৰাকীক প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে ফোনযোগে প্ৰণে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বাবে গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে ওদিউল ইছলামে ।

জানিব পৰা মতে, কোটি টকীয়া আচঁনিক কেন্দ্ৰ কৰি এই ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাক্তন সাংসদ ৰাধেশ্যাম বিশ্বাসে ধলছড়া পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে এক কোটি টকা আবন্টন কৰিছিল । কৰিমগঞ্জৰ জিলাধিপতিয়ে আচঁনিৰ ধন ৰূপায়নৰ বাবে এখন কমিটি বনাই দিছিল, আৰু এই কমিটিৰ প্ৰধানৰ দায়িত্বত আছিল নিলামবজাৰ চক্ৰ বিষয়া ওদিউল ইছলাম ।

প্ৰাক্তনমন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু

সেয়ে দেওবাৰে আধৰুৱা এই আচঁনি কিদৰে ৰূপায়ণ কৰিব সেই উদ্দেশ্যৰে প্ৰশাসনিক বিষয়া ওদিউল ইছলাম উপস্থিত হৈছিল ধলছড়া পঞ্চায়ত এলেকাত । স্থানীয় লোকে চক্ৰ বিষয়াগৰাকীৰ আগত এই আচঁনিৰ পচিশ লাখ টকা ছিদ্দিক আহমেদে নিজৰ ৰবৰ বাগিছাৰ দেৱাল নিৰ্মাণৰ বাবে ব্যয় কৰাৰ অভিযোগ উত্থাপিত কৰে । এই সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে প্ৰশাসনিক বিষয়া জনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল বুলি জানিবলৈ দিয়ে চক্ৰ বিষয়াগৰাকীয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.