ETV Bharat / state

আজি কৰিমগঞ্জলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - বিজেপিৰ কাৰ্যনিৰ্বাহক

অহা ২৩ আৰু ২৪ ডিচেম্বৰত কৰিমগঞ্জত অনুষ্ঠিত হ'ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । আজি কৰিমগঞ্জলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আজি কৰিমগঞ্জলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Dec 22, 2020, 12:17 PM IST

কৰিমগঞ্জ, ২১ ডিচেম্বৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনত কৰিমগঞ্জত বিজয়ধ্বজা উৰুৱাবলৈ যো-জা চলাইছে ভাৰতীয় জনতা পাৰ্টীয়ে । গেৰুৱা দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ এইবাৰ নিজেই কৰিমগঞ্জলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অহা ২৩ আৰু ২৪ ডিচেম্বৰত কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব । ইয়াৰ পৰাই ২০২১ৰ নিৰ্বাচনৰ বিজেপিৰ মিচন ১০০+ সফল কৰি তোলাৰ বাবে কৌশল ৰচনা হ'ব ।

কাৰ্যনিৰ্বাহক সভাত অংশ লোৱাৰ উদ্দেশ্যে আজি কৰিমগঞ্জলৈ যাব মুখ্যমন্ত্ৰীগৰাকী । উল্লেখ্য যে,কৰিমগঞ্জৰ পৰা কংগ্ৰেছৰ জনপ্ৰিয়তা সম্পূৰ্ণৰূপে নোহোৱা কৰি গেৰুৱা দলৰ আধিপত্য বিস্তাৰৰ পৰিকল্পনা কৰিছে দলৰ নেতৃত্বই । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিয়ে সভা-সমিতি অনুষ্ঠিত কৰি দলৰ নেতা-কৰ্মীক নিৰ্বাচনৰ ৰণনীতিৰ বিষয়ে অৱগত কৰিছে । সেইমতে,সকলো পৰ্যায়ৰ কৰ্মীয়ে কাম কৰি গৈছে ।

মন্ত্ৰী-বিধায়কে নিৰ্বাচনৰ প্ৰাক ক্ষণত আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ পৰা কৰ্মীসকলে বিভিন্ন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰালৈকে,বিজেপিৰ নেতা-কৰ্মীয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে । ২০২১ত দিছপুৰত শাসনৰ বাঘজৰী নিজৰ হাততে ৰখাৰ বাবে পৰিকল্পনা কৰিছে দলৰ নেতৃত্বই ।

লগতে পঢ়ক:অৰুণাচলত অইলৰ দুগৰাকী বিষয়াক অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.