ETV Bharat / state

বদৰপুৰত ৰাইজে হাতে-লোটে ধৰিলে গৰু চোৰক

author img

By

Published : Aug 20, 2021, 8:45 PM IST

কৰিমগঞ্জত দিনক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ এইবাৰ গৰু চোৰে আতংকিত কৰি তুলিছে কৰিমগঞ্জবাসী ৰাইজক ৷

বদৰপুৰত ৰাইজে হাতে-লোটে ধৰিলে গৰু চোৰক
বদৰপুৰত ৰাইজে হাতে-লোটে ধৰিলে গৰু চোৰক

কৰিমগঞ্জ, 20 আগষ্ট: ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা ৷ উজনিৰ পৰা নামনিলৈ, চোৰৰ দপদপনি অব্যাহত থকাৰ মাজতে এইবাৰ বৰাকত দেখা গৈছে গৰু চোৰৰ উপদ্ৰব ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰত এইবাৰৰ গৰু চোৰে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কৰিমগঞ্জ এতিয়া এক প্ৰকাৰ চোৰাং গৰু ব্যৱসায়ৰ ৰমৰমীয়া ঘাটিলে ৰূপান্তৰিত হৈছে ৷

এতিয়া ৰাজ্যত খেতি পথাৰৰ ভৰপক সময় ৷ কৃষক সকল ব্যস্ত পথাৰত কৃষি কৰ্ম কৰাত ৷ কিন্তু পথাৰত কৃষক সকলৰ ব্যস্ততাৰ সুযোগ লৈ সক্ৰিয় হৈ পৰিছে গৰু চোৰ ৷ যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষক সকল ৷ উল্লেখযোগ্য যে, বিগত দুদিন পূৰ্ৱে গৰু চুৰি ঘটনাক কেন্দ্ৰকৰি এগৰাকী বিজেপি কৰ্মীক কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰাক লৈ প্ৰতিবাদত উত্তাল হৈ পৰা বদৰপুৰ ৷

বদৰপুৰত ৰাইজে হাতে-লোটে ধৰিলে গৰু চোৰক

লগতে পঢ়কঃ বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

মিছা অভিযোগত বিজেপি কৰ্মী অশোক কুমাৰ দাসক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দাবী উত্থাপন কৰিছে একাংশ বিজেপি কৰ্মীয়ে ৷ ইয়াৰপাছতে বিজেপি কৰ্মীগৰাকীক বিনা অপৰাধত আটক কৰাৰ অভিযোগত বদৰপুৰ আৰক্ষী চকীৰ বহু গৰাকী আৰক্ষীক শাস্তিমূলক বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

এই সমূহ ঘটনাৰাজিৰ মাজতে শুকুৰবাৰে বদৰপুৰ সমষ্টিৰ মহাকাল অঞ্চলত গৰুসহ এটা চোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে ৷ গৰু চোৰটোক আটক কৰিয়েই স্থানীয় ৰাইজে উত্তম-মধ্যম সোধায় আৰক্ষীক গতাই দিয়ে ৷ ৰাইজে আটক কৰা গৰু চোৰটোৰ নাম নীম সমৰ দাস বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.