দক্ষিণ কৰিমগঞ্জ ,11 জুন : কৰিমগঞ্জৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা যুৱকৰ চিকিৎসালয়ত মৃত্যু ৷ ভাৰত -বাংলাদেশ সীমান্তৰ দলগাঁৱত নিশা দুৰ্বৃ্ত্তৰ প্ৰাণঘাটী আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল নিলামবজাৰ এলাকাৰ ফাৰমপাশা গাঁৱৰ আজহাৰ উদ্দিন নামৰ ব্যৱসায়ীজন ৷ নিশা সংকট জনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ ৷
ঘটনা অনুসৰি ভাৰত -বাংলাদেশ সীমান্তৰ দলগাঁৱত যোৱা নিশা সংঘটিত হয় এই ঘটনা । নিলামবজাৰ থানা এলেকাৰ ফাৰমপাশা গাঁৱৰ আজহাৰ উদ্দিন নামৰ আগৰ ব্যৱসায়ীগৰাকী ব্যৱসায়ৰ কামৰ বাবে সীমান্তৱৰ্তী দলগাঁৱলৈ যাঁওতে আক্ৰমণ কৰে দুৰ্বৃত্তই । এটা ভৰিত দুৰ্বৃত্তই কেইবাবাৰো চোকা অস্ত্ৰৰে আঘাত কৰাৰ ফলত গুৰুতৰ ভাৱে আহত হয় ব্যৱসায়ীগৰাকী । ঘটনাৰ পাচত একাংশ লোকে তৎপৰতাৰে সংকটজনক অৱস্থাত আজহাৰ উদ্দিনক নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় । যুৱকজনৰ অৱস্থা গুৰুতৰহোৱাত চিকিৎসকে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাই দেখা দিছে । আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত ৷ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো ব্যৱসায়িক শত্ৰুতাৰ ফলতে ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷