কৰিমগঞ্জ, ২৮ জানুৱাৰী: কৰিমগঞ্জ জিলাৰ তেলিখালৰপাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ । এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে কৰিমগঞ্জ সদৰ আৰক্ষীৰ এটা দলে কৰিমগঞ্জ জব্দ কৰিবলৈ সক্ষম হয় এই ব্ৰাউন চুগাৰখিনি । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য তিনি লক্ষাধিক বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, NL ০১T ৯৫১৩ নম্বৰৰ এখন অল্ট' (ALTO) বাহনৰ পৰা কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
এই কাণ্ডৰে জড়িত দুই কুখ্যাত ড্ৰাগছ ব্যবসায়ীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । দুই কুখ্যাত ড্ৰাগছ ব্যবসায়ী ক্ৰমে সুহেল আহমেদ আৰু মুজিবুৰ ৰহমান ।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে দুয়োজনকে সোধ-পোচ অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:50 টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে