কৰিমগঞ্জ, 18 জানুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্রতিটো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগে লগে পিছ পৰি ৰোৱা নাই শাসকীয় দল বিজেপি। দেওবাৰে পাথাৰকান্দি সমষ্টিৰ সোনাখিৰা খেলপথাৰত এক বৃহৎ মহিলা সমাবেশৰ জৰিয়তে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিলে শাসকীয় দলটোৱে । মহিলা সকলক সৰ্বশক্তিৰে দলৰ কাজ কামত জৰিত হৈ সহযোগ কৰাৰ আহ্বান জনাই বিজেপিৰ কেন্দ্ৰীয় মহিলা সমিতিৰ সদস্যা মুন স্বৰ্ণকাৰে । লগতে মুন স্বৰ্ণকাৰে কয় যে,বিজেপি দললৈ প্ৰতিদিনেই মহিলাৰ আগমণ ঘটিছে ৷ দুৰ্গাৰূপী মহিলা সকলৰ আগমণ ঘটা মানেই কোনো অপশক্তিয়ে বিজেপিৰ জয় ৰোধিব নোৱাৰে ৷ ৰাজ্যত আকৌ বিজেপিৰে চৰকাৰ হ'ব ৷
ইফালে সমষ্টিটোৰ বিধায়ক কৃশেন্দু পালে চৰকাৰৰ কাৰ্যকালত হোৱা বিভিন্ন উন্নয়নমুখী আঁচনিৰ তথ্য দাঙি ধৰি কয়,এই চৰকাৰ জাতি,ধৰ্মৰ উৰ্ধত উঠি বিভিন্ন আঁচনিৰ জৰিয়তে সকলোকে স্বাৱলম্বী কৰি তুলিছে গতিকে এই দলটোৰ প্ৰতি ক্ৰমশঃ ৰাইজৰ আত্মবিশ্বাস বাঢ়ি গৈ আছে । বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰে মিছা আৰু প্ৰতাৰণাৰ ৰাজনীতি নকৰে ।
লগতে পঢ়ক: গোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাত মিছা কথাকৈ মহিলা গোটোৱাৰ অভিযোগ !