ETV Bharat / state

কংগ্ৰেছত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ

author img

By

Published : Jan 21, 2021, 12:20 PM IST

Updated : Jan 21, 2021, 1:03 PM IST

কংগ্ৰেছৰ ভোট বেংক হিচাবে পৰিচিত খাচী-জয়ন্তীয়া জনগোষ্ঠীৰ লোক সকলে দলে বলে যোগদান কৰে আজি ভাৰতীয় জনতা দলত ৷ কংগ্ৰেছৰ দিনত কোনো ধৰণৰ উন্নয়ন হোৱা নাই কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিত ৷ সেয়ে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শত অনুপ্ৰাণিত হৈ খাচী-জয়ন্তীয়া জনগোষ্ঠীৰ লোক সকলে পৰিধান কৰে গেৰুৱা বসন ৷

BJP JOINING at karimgang
কংগ্ৰেছত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ

কৰিমগঞ্জ,21 জানুৱাৰী : কংগ্ৰেছত অব্যাহত আছে গৰাখহনীয়া ৷ এইবাৰ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বাদশাহীটিলা পুঞ্জী নামৰ স্থানত বৰাক উপত্যকাৰ তিনিখন জিলাৰ খাছী জয়ন্তীয়া মুৰব্বীৰ উপস্থিতিত কংগ্ৰেছৰ প্ৰায় ১৪০০ লোকে বৃহস্পতিবাৰে যোগদান কৰে ভাৰতীয় জনতা দলত ৷ কংগ্ৰেছৰ ভোট বেংক হিচাবে পৰিচিত খাচী-জয়ন্তীয়া জনগোষ্ঠীৰ লোক সকলে কংগ্ৰেছৰ ভূৱা আশ্বাসত অতিস্থ হৈ দলে বলে আজি দলে-বলে গেৰুৱা বসন পৰিধান কৰে ৷ দলৰ টুপী আৰু মালা পিন্ধাই উস্ম আদৰণি জনায় মণ্ডল সভাপতি হৃষীকেশ নন্দী, বিধায়ক কৃশেন্দু পাল আৰু অমিতাভ দে ৷

কংগ্ৰেছত অব্যাহত আছে গৰাখহনীয়াৰ তাণ্ডৱ

বিজেপি চৰকাৰ গঠনৰ পিছত কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিত যথেষ্ট আৰ্থ সামাজিক উন্নয়ন হৈছে ৷ গতিকে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁলোকে আজি বিজেপি দলৈ ঢাপলি মেলিছে ৷

লগতে পঢ়ক : নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড

Last Updated : Jan 21, 2021, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.