ETV Bharat / state

পাথাৰকান্দিত বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Mar 8, 2021, 11:03 PM IST

কৃষ্ণেন্দু পালে কংগ্ৰেছৰ পৰা বিজেপি দলত যোগদান কৰি 2016 ৰ বিধানসভা নিৰ্বাচনত পাথাৰকান্দি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি এআইইউডিএফ দলৰ প্ৰাৰ্থীক 9,268 ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । অৱশ্যে এইবাৰ সমষ্টিটোৰ পৰা জয়লাভ কৰা ইমান সহজ নহয় বুলি অনুমান কৰি বিজেপি দলে ইতিমধ্যে অগপ দলৰ প্ৰাৰ্থীৰ সহযোগত নিৰ্বাচনত নমাৰ পৰিকল্পনা কৰিছে ।

BJP CANDIDTE KRISNENDU PAUL RALLEY
পাথাৰকান্দিত বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ শক্তি প্ৰদৰ্শন

পাথাৰকান্দি, 8 মাৰ্চ : পাথাৰকান্দি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালে সোমবাৰে ৰেলিৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰে । বাইক আৰু চাৰিচকীয়া প্ৰায় তিনিশখন বাহনেৰে সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । ৰেলীত অংশগ্ৰহণ কৰি পালে এইবাৰ নিৰ্বাচনত ত্ৰিশ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী কৰে । উল্লেখ্য যে, কৃষ্ণেন্দু পালে কংগ্ৰেছৰ পৰা বিজেপি দলত যোগদান কৰি 2016 ৰ বিধানসভা নিৰ্বাচনত পাথাৰকান্দি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি এআইইউডিএফ দলৰ প্ৰাৰ্থীক 9,268 ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ।

এইবাৰ আকৌ বিজেপি দলে প্ৰাৰ্থী হিচাপে পাথাৰকান্দি সমষ্টিত কৃষ্ণেন্দু পালক প্ৰক্ষেপ কৰিছে । অৱশ্যে এইবাৰ সমষ্টিটোৰ পৰা জয়লাভ কৰা ইমান সহজ নহয় বুলি অনুমান কৰি বিজেপি দলে ইতিমধ্যে অগপ দলৰ প্ৰাৰ্থীৰ সহযোগত নিৰ্বাচনত নমাৰ পৰিকল্পনা কৰিছে । কিন্তু টিকট নিশ্চিত হোৱাৰ পিছত আজি একপ্ৰকাৰ সৰ্বশক্তিৰে সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পাল । বিশাল ৰেলিৰ জৰিয়তে সমষ্টিৰ বিভিন্ন প্ৰান্ত অতিক্ৰম কৰি কৃষ্ণেন্দু পালে এইবাৰ অন্তত ত্ৰিশ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি দাবী কৰে ।

লগতে পঢ়ক : নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.