কৰিমগঞ্জ, 26 নৱেম্বৰ : বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে কৰিগঞ্জতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত বাম দলে ঘোষণা কৰা ভাৰত বৰ্ষৰ ৷ মূল্যবৃদ্ধি ৰোধ, নতুন কৃষি আইন বাতিল আদি বিভিন্ন দাবীৰে বন্ধ ঘোষণা কৰিছে বাম দলে ৷ কৰিমগঞ্জ নগৰতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে দেশৰ শ্ৰমিক,কৃষক সংগঠনসমুহে আহ্বান জনাইছে দেশজোৰা ধৰ্মঘট কাৰ্যসূচী ৷
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী নীতি সমুহে শ্ৰমিক,কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷ বন্ধৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ পুৱাৰে পৰা জিলাখনত বন্ধ হৈ পৰিছে দোকান-পোহাৰ আৰু যান-বাহনৰ চলাচল ৷
লগতে পঢ়ক : কলগাছিয়াত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন বন্ধ সমৰ্থকৰ