কৰিমগঞ্জ, 26 জুন : 27 জুনত বিডিএফে সীমা নিৰ্ধাৰণ সন্দৰ্ভত আহ্বান জনোৱা বৰাক বন্ধৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে আম আদমী পাৰ্টীয়ে । দেওবাৰে পাথাৰকান্দিত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ ৰাজ্য আৰু জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলে প্ৰকাশিত সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাক তীব্ৰ সমালোচনা কৰে । এই সন্দৰ্ভত দলৰ বৰাক উপত্যকাৰ প্ৰভাৰী সৌমিক সেনগুপ্তাই সংবাদমেলত কয়, ‘‘সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ অদ্ভুত প্ৰক্ৰিয়াৰে কৰা হৈছে । এখন গাঁও পঞ্চায়তক দুটা ভাগত বিভক্ত কৰা হৈছে’’ ।
তেওঁ কয়, ‘‘বৃহত্তৰ বৰাক উপত্যকাৰ 15 খন আসনৰ পৰা দুখন আসন হ্ৰাস কৰি 13 খন কৰা হৈছে ৷ ইয়াত ৰাইজ কেনেদৰে উপকৃত হ’ব ?’’ আনকি ই উন্নয়নৰ নামত ব্যাঘাত হে জন্মাব বুলি মন্তব্য কৰে সৌমিক সেনগুপ্তাই ৷ সেয়ে একেটা বিষয়তে আগন্তুক 27 জুনৰ দিনা বিডিএফে আহ্বান জনোৱা 12 ঘণ্টীয়া বৰাক বন্ধ সফল কৰিবলৈ বৰাকৰ ৰাইজক আহ্বান জনায় আপৰ সদস্যসকলে ।
লগতে পঢ়ক : Constituency Delimitation 2023: তৎপৰ নিৰ্বাচন আয়োগ; ১৫ আগষ্টৰ ভিতৰত চূড়ান্ত কৰাৰ লক্ষ্য সমষ্টি পুনৰ নিৰ্ধাৰণ
আনহাতে, আম আদমি পাৰ্টীৰ কৰিমগঞ্জ জিলা সমিতিৰ সদস্য শ্বিহাব উদ্দিনে শাসকীয় দল বিজেপিক সমালোচনা কৰি কয়, ‘‘সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে প্ৰকাশ কৰা খচৰা তালিকাখন আক্ষৰিক অৰ্থত ভুলেৰে ভৰপূৰ । প্ৰকৃততে এটা অঞ্চলৰ সৈতে আন এটা অঞ্চলৰ মাজত কোনো সম্পৰ্ক নাই । এই খচৰাখন কেৱল বিজেপি দলৰ মতামতৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হৈছে । যিটো সাধাৰণ মানুহক হাৰাশাস্তি কৰাৰ বাহিৰে আন একো নহয়’’ ।
তেওঁ আৰু কয়, ‘‘সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত বহু সুৰুঙা আছে । এই চৰকাৰে গণতন্ত্ৰক হত্যা কৰি এটা বিধানসভাৰ নাম মচি আন এখন বিধানসভাত যোগ কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে’’ । সেই হেতুকে তেওঁ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে 27 জুনত বৰাক বন্ধক সম্পূৰ্ণ সমৰ্থন দি ধৰ্মঘটত যোগদান কৰিবলৈ আহ্বান জনায় ।
উল্লেখ্য যে, দেওবাৰে পাথাৰকান্দিত আয়োজিত এই সংবাদমেলত উপস্থিত থাকে দলৰ মুখপাত্ৰ তথা হাইলাকান্দিৰ প্ৰভাৰী কাৰ্তিক শৰ্মা, জিলা সমিতিৰ সভাপতি ছাইনুল হক, জিলা উপ সভাপতি বাহাৰুল ইছলাম, উত্তৰ কৰিমগঞ্জ গোটৰ সভাপতি দিলাৱাৰ হোছেইন, কবীৰ হোছেইনকে আদি কৰি দলৰ কেবাগৰাকীও সদস্য ৷
লগতে পঢ়ক : Opposition party meet: বিৰোধীৰ উমৈহতীয়া বৈঠক ‘ফ্লপ শ্ব’; হিমন্ত বিশ্ব শৰ্মা