কৰিমগঞ্জ, 30 অক্টোবৰ : মাটিৰ খাজানা দিয়ে অসমীয়াই আৰু খেতি কৰে বাংলাদেশীয়ে । শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা । ঘটনা কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ভাৰত বাংলাদেশ সীমান্তৰ । স্থানীয় ৰাইজ আৰু দল সংগঠনৰ প্ৰবল প্ৰতিবাদৰ পাছতো 2014 চনত লাটিটিলা ডুমাবাড়িত বহু মাটি বাংলাদেশক গতাই দিয়া হৈছিল ৷ সেই মাটিৰ খাজনা আজিলৈকে অসমৰ লোকে দি গ’লেও মাটি ভোগ কৰি আছে বাংলাদেশৰ নাগৰিকে ৷
ঘটনা অনুসৰি, 2001-2002 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে কটা তাঁৰৰ বেৰ বহুৱাৰ কাম আৰম্ভ কৰে ৷ সেই সময়ত সীমান্তত থকা পাথাৰকান্দিৰ লাটিটিলা, ডুমাবাৰীৰ লগতে বহু কেইটা এলেকাত পট্টা ভূমিৰ যি সকল গৰাকী আছে তেওঁলোকে আপত্তি জনায় । পট্টা ভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ ফেঞ্চিঙৰ কাম নকৰাৰ বাবে আহ্বান জনায় লোকসকলে । সেই অনুসৰি, তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ পাছতে ফেঞ্চিঙৰ কাম হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আশ্বাস দিয়া হয় ।
কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ দাবী পুৰণ নকৰাকৈ কটা তাঁৰৰ বেৰ বহুৱাই দিয়া হয় । ইয়াৰ কিছুদিন পাছতেই কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ ভালেমান ভূমি বাংলাদেশক গতাই দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিলে ৷
স্থানীয় ৰাইজ আৰু দল সংগঠনে এই কাৰ্যত প্ৰবল আপত্তি কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে | সেই সময়ৰ বিৰোধী বিজেপি দলৰ বহু নেতায়ো এই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু, ইয়াৰ পাছতো 2014 চনত আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে সীমা সমস্যা সমাধানৰ বাবে বাংলাদেশক কৰিমগঞ্জ জিলাৰ এই এলাকাৰ প্ৰায় 1200 বিঘাৰো অধিক ভূমি হস্তান্তৰ কৰে । তেতিয়া পুনৰ ভূমিহীন লোকক ক্ষতিপূৰণৰ আশ্বাস দিয়া হয় ৷
কিন্তু, পূৰণ নহ’ল সেই আশ্বাস ৷ ক্ষতিপূৰণ নোপোৱা এই সকল ভূমিৰ মালিকে আজিলৈকে অসম চৰকাৰক মাটিৰ খাজানা দি আহিছে , কিন্তু বৰ্তমান এই ভূমিত ঘৰ-বাৰী বনোৱাৰ লগতে খেতি কৰি আছে বাংলাদেশী সকলে ৷ উপায়ন্তৰ হোৱা ভূমিৰ মালিক সকলে চৰকাৰক উচিত ব্যৱস্থা লোৱাৰ বাবে পুনৰবাৰ জনাইছে আহ্বান ৷
লগতে পঢ়ক : ব্ৰিটিছ শাসনত ৰক্তপাতহীন বিপ্লৱৰ এক গৌৰৱময় ইতিহাস আৰু কুমাঁও কেশৰী