বদৰপুৰ,20 মাৰ্চ: কৰিমগঞ্জৰ বদৰপুৰৰ এংলাৰ বজাৰস্থিত এটি তিনিশ বছৰ পুৰণি কালী মন্দিৰ ৷ জনতাৰ বিশ্বাস অত্যন্ত জাগ্ৰত এই মন্দিৰটো ৷ এটা শিলত বিৰাজমান দেৱী ৰূপী এই মন্দিৰটোৰ প্ৰতি ভক্তৰ আছে গভীৰ বিশ্বাস ৷ প্ৰৱাহিত তথ্য অনুসৰি প্ৰায় তিনিশ বছৰৰ পূৰ্বে সপোনত দেখা পোৱা গৈছিল এই মা-কালীয়ে বসতি লোৱা শিলটো ৷ আৰু তেতিয়াৰে পৰা এই শিলটোত পূজা অৰ্চনা আৰম্ভ কৰিছিল ভক্তপ্ৰাণ ৰাইজে ৷ সেই সময়ত শিলটো সৰু আছিল যদিও বৰ্তমান সময়ত সেই শিলটোৱে এটা বিশাল শিলৰ ৰূপ লৈছে ৷ প্ৰবাদ অনুসৰি সেই শিলটোত থকা কালী মন্দিৰটোত প্ৰতি শনিবাৰ আৰু মঙলবাৰে বিৰাজ হয় এটা প্ৰকাণ্ড সাপ আৰু দেৱীৰ চৰণত দিয়া গাখীৰ পান কৰে সেই সাপটোৱে ৷ অত্যন্ত জাগ্ৰত বুলি জনমানসত চিহ্নিত হোৱা এই মন্দিৰটোলৈ প্ৰতি দিনাই ভিন্ন ঠাইৰ পৰা আগমন ঘটে অগণন ভক্তৰ ৷
কিন্তু অতি আচৰিত ভাৱে উক্ত মন্দিটোৱে চৰকাৰী ভাৱে কোনোধৰণৰ সাহায্য নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আনকি অসমৰ বিজেপি চৰকাৰে শতিকাৰ পুৰণি ঐতিহ্যবাহী মঠ-মন্দিৰ সমুহৰ উন্নয়নৰ বাবে আগবঢ়োৱা "অসম দৰ্শন" নামৰ আঁচনিটো নাম অন্তৰ্ভুক্ত নহ'ল এই মন্দিৰটোৰ ৷ ফলত ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে নিজৰ গাঠিৰ ধনেৰেই মন্দিৰটো নিৰ্মাণত হাত উজান দিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ প্ৰশ্ন কিয় চৰকাৰে "অসম দৰ্শন" আঁচনিৰ পৰা বাহিৰত ৰাখিলে মন্দিৰটো ? লগতে দ্বিতীয় পৰ্যায়ৰ "অসম দৰ্শন" আঁচনিৰ তালিকাত মন্দিৰটোৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে "অসম দৰ্শন" আঁচনিৰ জৰিয়তে প্ৰতিটো ঐতিহ্য বহনকাৰী মঠ-মন্দিৰক 10 লাখ টকাকৈ আগবঢ়াইছে চৰকাৰে ৷
লগতে পঢ়কঃ কৰ'ণাৰ আতংকঃ সাংবাদিকক 1 মিটাৰ ব্যৱধান ৰাখিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ