ETV Bharat / state

নিৰ্মাণৰ পাছতো পৰিত্যক্ত অৱস্থাত পাটাকাউৰী উপ স্বাস্থ্যকেন্দ্ৰ

author img

By

Published : Jul 6, 2021, 9:27 AM IST

প্ৰায় দহ সহস্ৰাধিক লোকৰ চিকিৎসা সেৱাৰ বাবে একমাত্ৰ ভৰষাৰ স্থল এই উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টো । বৰ আশাৰে ৰাইজে এই উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টোৰ বাবে মাটি দান কৰিছিল ।

নিৰ্মাণৰ পাছতো মুকলি কৰা নহ’ল পাটাকাউৰী উপ স্বাস্থ্যকেন্দ্ৰটো

কৰিমগঞ্জ, 6 জুলাই : স্বাস্থ্য বিভাগ (Health Department)ৰ উন্নয়নৰ বাবে অসম চৰকাৰে (Assam Goverment) ন ন আঁচনি গ্ৰহণ কৰাৰ সময়তে কিছুমান এলেকাত ইয়াৰ বিপৰীত চিত্ৰ পৰিলক্ষিত হৈছে । কৰিমগঞ্জৰ স্বাস্থ্য বিভাগ (Health Department)ৰ অধীনষ্ঠ মোক্তাব পশ্চিম পাটাকাউৰী উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টো নিৰ্মাণৰ পিছৰ পৰা আজিলৈকে মুকলি কৰা হোৱা নাই । যাৰ বাবে এতিয়া চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় লোকসকলে ৷

সমগ্র দেশতে ক’ৰণা মহামাৰী (Covid 19)য়ে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্যৰ বিভিন্ন স্থানত ক’ভিড কেয়াৰ চেণ্টাৰ (Covid Care Center)স্থাপন কৰি ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷ এনে এক জটিল ক্ষণত এদিনৰ বাবেও খোলা নহ’ল এই উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টো । বৰ্তমান জৰাজীৰ্ণ অৱস্থাতে আছে হেজাৰ হেজাৰ টকাৰে নিৰ্মাণ কৰা উপ স্বাস্থ্যকেন্দ্ৰটো (Sub Health Center) ।

নিৰ্মাণৰ পাছতো পৰিত্যক্ত অৱস্থাত পাটাকাউৰী উপ স্বাস্থ্যকেন্দ্ৰ

কৰিমগঞ্জৰ উক্ত এলেকাৰ প্ৰায় দহ সহস্ৰাধিক লোকৰ একমাত্ৰ ভৰষাস্থল এই উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টো ।

বৰ আশাৰে ৰাইজে এই উপ স্বাস্থ্যকেন্দ্ৰ (Sub Health Center)টোৰ বাবে মাটি দান কৰিছিল । মানৱ অধিকাৰ কৰ্মীসকলে (Human Rights Worker) ইতিমধ্যে কৰিমগঞ্জ জিলা উপাযুক্ত (Karimganj District Deputy Commissioner)ক এই সন্দৰ্ভত এখন অভিযোগ পত্ৰ দাখিল কৰিছে ৷ তেওঁলোকে শীঘ্ৰে এই উপ স্বাস্থ্যকেন্দ্রটো আৰম্ভ কৰিবলৈ প্ৰশাসন (District Administration)ক আহ্বান জনায় ।

লগতে পঢ়ক : লোকসেৱা কেলেংকাৰী: ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.