ETV Bharat / state

মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী মহিলাৰ ৰাজহুৱা স্থানতে সন্তান প্ৰসৱ

author img

By

Published : Apr 16, 2021, 10:02 PM IST

ৰে'ল ষ্টেচনতে সন্তান প্ৰসৱ কৰিলে এগৰাকী মানসিক ভাৰসাম্য হেৰুৱা মহিলাই ৷ জীৱশ্ৰেষ্ঠ মানৱৰ কামনাৰ বলি হৈ মানসিকভাৱে ভাৰসাম্য হেৰুৱা মহিলা গৰাকীয়ে ৰেল ষ্টেচনতে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান ৷ কৰিমগঞ্জ জিলাৰ এৰালীগুল ৰে'ল ষ্টেচনত এই ঘটনা সংঘটিত হৈছে ৷

জীৱশ্ৰেষ্ঠ মানৱৰ কামনাৰ বলি মানসিকভাবে ভাৰসাম্য হেৰুৱা মহিলা

কৰিমগঞ্জ,16 এপ্ৰিল : সভ্য সমাজক লজ্জানত কৰা এক মৰ্মান্তিক কাণ্ড সংঘটিত হৈছে এইখন অসমতে ৷ জীৱশ্ৰেষ্ঠ মানৱৰ কামনাৰ বলি হৈ মানসিকভাৱে ভাৰসাম্য হেৰুৱা এগৰাকী মহিলাই ৰেল ষ্টেচনতে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ এৰালীগুল ৰে'ল ষ্টেচনত ।

2020 বৰ্ষত ক’ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে সমগ্ৰ দেশজুৰি লকডাউন ঘোষণা কৰিছিল ৷ সেই সময়তে মানসিকভাৱে ভাৰসাম্য হেৰুৱা মহিলা গৰাকীৰ আশ্ৰয়ৰ স্থল হৈ পৰিছিল এৰালীগুল ৰে'ল ষ্টেচনৰ যাত্ৰীৰ বিশ্ৰামথলী ৷ তাৰ মাজতে বুধবাৰে হঠাৎ মহিলাগৰাকী থকা ঠাইৰ পৰা নৱজাতকৰ কান্দোন শুনাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় । লগে লগে স্থানীয় লোকে নৱজাতকটি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাগৰাকীক পাথাৰকান্দি সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মানসিকভাৱে ভাৰসাম্য হেৰুৱা মহিলা গৰাকীৰ ঘৰ অন্ধ্ৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ৷

কোনো দুষ্ট প্ৰকৃতিৰ লোকে মহিলাগৰাকীয়ে মানসিক ভাৰাসাম্য হেৰুৱাৰ সুযোগ লৈ নিজৰ পাশৱিক কামনা চৰিতাৰ্থ কৰি এই জঘন্য ঘটনা সংঘটিত কৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে । এগৰাকী মানসিক ভাৰসাম্য হেৰুৱা মহিলাৰ লগত এনেধৰণৰ জঘন্য ঘটনা সংঘটিত কৰা দোষীক চিনাক্ত কৰি আৰক্ষীয়ে উচিত শাস্তি বিহিব পাৰিব নে নাই সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতৈক বৰপেটা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.