কৰিমগঞ্জ, 11 জুন: বাংগালুৰুত ৰহস্যজনক মৃত্যু কৰিমগঞ্জ যুৱকৰ ৷ মঙলবাৰে দিনৰ ভাগত ৰক্তাক্ত অৱস্থাত বাংগালুৰুৰ এখন উৰণীয়া সেঁতুৰ তলৰ পৰা উদ্ধাৰ হয় কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰাম অঞ্চলৰ যুৱক মাছুম আহমেদৰ ক্ষত-বিক্ষত দেহ ৷ স্থানীয় লোকৰ সহযোগত যুৱকজনক সংকটজনক অৱস্থাত মনিপাল হাস্পতাললৈ নিয়া হয় যদিও বুধবাৰে হাস্পতালখনৰ আইচিইউতে মৃত্যু হয় যুৱকজনৰ ৷
এই ঘটনাৰ পোহৰলৈ অহাৰ পাছত এতিয়া যুৱকজনৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ দীৰ্ঘদিনৰ পৰা বাংগালুৰুত কাম কৰি থকা যুৱকজনৰ কেনেকৈ এই অৱস্থা হ'ল এই সন্দৰ্ভত সৃষ্টি হৈছে ৰহস্যৰ ৷ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে যুৱক জনৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়কঃ আই আই টি গুৱাহাটীৰ তিনি শিক্ষাৰ্থীৰ অভিনৱ উদ্ভাৱন