ETV Bharat / state

কৰিমগঞ্জত চিপিআইএমৰ উত্তাল প্ৰতিবাদ - কৰিমগঞ্জত চিপিআইএমৰ উত্তাল প্ৰতিবাদ

কৃষি আইন বাতিলৰ দাবীত কৰিমগঞ্জতো চিপিআইএমে সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

CPIM_protest At karimganj
কৰিমগঞ্জত CPIM ৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 8, 2020, 12:58 PM IST

কৰিমগঞ্জ, 8 ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জতো ভাৰত বন্ধৰ যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে আহ্বান জনোৱা ভাৰত বন্ধৰ ফলত সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জতো সকলো দোকান-পোহাৰ, যানবাহন চলাচল বন্ধ হৈ পৰিছে ৷

ইফালে কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে দেশৰ ৰাজধানী দিল্লীত চৰকাৰৰ বিৰুদ্ধে 13 টাকৈ দিন প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ কৰিমগঞ্জতো চিপিআইএমৰ নেতা-পালি নেতা তথা জিলাখনৰ শ্ৰমিক, কৃষকসকলে বন্ধৰ সমৰ্থনত এক প্ৰতিবাদী সমদল উলিয়ায় । ইফালে কৰিমগঞ্জ চহৰখনৰ চন্তৰ বজাৰ পইন্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক-CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.