কৰিমগঞ্জ, 11 জুন: কৰিমগঞ্জত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায় ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ মৈনা বজাৰত সোমবাৰে নিশা নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰিবলৈ যাওঁতে দুখনকৈ গাড়ী ৰাইজে জব্দ কৰে যদিও, চাৰিজনকৈ লোক পলাই যাবলৈ সক্ষম হয় ৷ ঘটনাৰ সন্দৰ্ভত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় উপ আৰক্ষী পৰিদৰ্শক সুধন্য শুক্লবৈধ্য ।
ইফালে ৰাইজে জব্দ কৰা এখন বলেৰ আৰু এখন অল্টো বাহনৰ পৰা উদ্ধাৰ হোৱা 25 কাৰ্টুন নিচাজাতীয় সামগ্ৰী ৰাষ্ট্ৰীয় ঘাইপথতে জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ ৰাইজৰ অভিযোগ আৰক্ষীৰ ব্যৰ্থতাৰ বাবে অঞ্চলটোৰ অলিয়ে গলিয়ে এতিয়া চলিছে ড্ৰাগছৰ মুকলি ব্যৱসায় ৷