ETV Bharat / state

১৯০ বছৰীয়া এখন ৰথযাত্ৰা...

ৰথযাত্ৰাৰ অন্তিম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় ৰথযাত্ৰা ৷ অন্তিমদিনা ভক্তগণে নাচি-বাগি ফূৰ্তি কৰাৰ লগতে হৰেকৃষ্ণ ধ্বনিৰে মুখৰিত কৰি তুলিলে পৰিৱেশ ৷

author img

By

Published : Jul 12, 2019, 11:37 PM IST

অসমৰে এখন ১৯০ বছৰীয়া জগন্নাথ ৰথযাত্ৰা...

কৰিমগঞ্জ/ধুবুৰীঃ কৰিমগঞ্জৰ একমাত্ৰ পুৰণি তথা ঐতিহাসিক ৰথ যাত্ৰা পাথৰকান্দিত শুকুৰবাৰে অনুষ্ঠিত হয়। ১৯০ বছৰত ভৰি দিয়া এই ৰথযাত্ৰা সম্পূৰ্ণ ব্যতিক্ৰম। লগতে জগন্নাথ ৰথ যাত্ৰাৰ শুকুৰবাৰে অন্তিমটো যাত্ৰা। ৰথ যাত্ৰাৰ পৰিসমাপ্তি অনুষ্ঠানটো পাথাৰকান্দিৰ খালপাৰ গাঁৱত যুগ যুগ ধৰি পালন কৰি আহিছে।

অসমৰে এখন ১৯০ বছৰীয়া জগন্নাথ ৰথযাত্ৰা...

ইপিনে ক্ষেত্ৰীৰ পূৱ মালয়বাৰীতো ৰথযাত্ৰাৰ অন্তিম দিনা উলহ মালহ পৰিৱেশ ৷ ভক্তগণে নাচি বাগি ফূৰ্তি কৰাৰ লগতে হৰেকৃষ্ণ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো। লগতে পাথাৰকান্দিৰ শিৱেৰগোল এলেকাত ওলোটা ৰথযাত্ৰাত অংশ গ্ৰহণ কৰে বহুসংখ্যক লোকে ৷ অঞ্চলটোত মনিপুৰী সম্প্ৰদায়ৰ লোকসকলে যুগ যুগ ধৰি পালন কৰি আহিছে জগন্নাথ ৰথযাত্ৰা।

Intro:

Body:SLUG --190 YEARS RATHYATRA

কৰিমগঞ্জ জিলাৰ একমাত্ৰ পুৰণি তথা এতিহাসক ৰথ যাত্ৰা পাথৰকান্দিত আজি অনুষ্ঠিত হয়।১৯০ বছৰত ভৰি দিয়া এই ৰথযাত্ৰা সম্পূৰ্ণ ব্যতিক্ৰম। লগতে আজিয়েই
জগন্নাথ দেৱৰ ওলোটা ৰথ যাত্ৰাৰ অন্তিমটো যাত্ৰা।ৰথ যাত্ৰাৰ পৰিসমাপ্তি অনুষ্ঠানটো পাথাৰকান্দিৰ খালপাৰ
গাওঁত যুগ যুগ ধৰি পালন কৰি আহিছে। পথাৰৰ মাজত একেলগে সাতখন গাওঁৰ লোকে সুসজ্জিত ৰথ লৈ মিলিত হয়।সেয়া লাগিলে পথাৰত এহাটু বোকা হওক নহ'লে এক খাল পানী।সকলো বাধা নেওচি দক্ষিণ বিলবাৰী, উত্তৰ বিলবাৰী,পাত্ৰাগ্ৰাম, মন্ত্ৰী গ্ৰাম,ছাত্ৰা গ্ৰাম,পেকুৰ গ্ৰাম,আৰু নয়া ডহৰ এই সাতখন গাওঁৰ পথাৰত উলিয়াই খালপাৰ গাঁওৰ পথাৰত একেলগে মিলিত হৈ ৰথযাত্ৰাৰ উৎসবত অংশ লয়।আৰু ৰথযাত্ৰাৰ অন্তিমটো আখৰা যোৱা নিশা প্ৰতিখন গাঁওতে সমাপ্ত হৈছে।আনহাতে একাংশ গাঁও
লংগাই নৈৰ বিপৰীত প্ৰান্তত থকাৰ বাবে ৰথসমূহ কালি দিনৰ ভাগত ভৰা নৈ পাৰ কৰোৱা হৈছে।যিহেতু যোৱা কিছু দিনৰ পৰাই আছে নেৰেনেপেৰা বৰষুণ । তথাপিও
অন্তিমটো ৰথযাত্ৰাৰ আনন্দ উল্লাসত যেন অলপো ভেটা পৰা নাই।আজি বিয়লিৰ ভাগত অনুষ্ঠিত হয় সপ্তৰথ খ্যাত এই অন্তিমটো ৰথযাত্ৰাৰ অনুষ্ঠান । সৃষ্টি হয় এক উখল মাখল পৰিবেশৰ । যুৱক যুৱতীৰ জীয়ৰী বোৱাৰী সকলোৰে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নাচিবাগি এই ৰথযাত্ৰাৰ অংশ লয়।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.