ETV Bharat / state

বকলীয়াঘাটত বন্যহস্তীৰ আক্ৰমণত মৃত্যু দম্পতীৰ

author img

By

Published : Aug 26, 2020, 10:34 PM IST

বকলীয়াঘাটত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত ৷ আক্ৰমণত কৰুণ মৃত্যু দম্পতীৰ ৷

wild elephand killed a couple at bokoliaghat, diphu

ডিফু, 26 আগষ্ট : ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ বকলীয়া ঘাটত সংঘটিত হয় এনে এক কৰুণ ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি, বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত তথা বন বিভাগৰ ডকমকা ৰেঞ্জৰ অধীনস্থ বকলীয়াঘাট বীট কাৰ্যালয়ৰ অন্তৰ্গত টিককলাংছ’ নামৰ পাহাৰীয়া এলেকাটোত বনৰীয়া হাতীৰ আক্ৰমণত এহাল দম্পতীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় ।

ঘটনাৰ বিৱৰণ অনুসৰি টিককলাংছ’ৰ কেহাই কে আপ গাঁৱৰ নিবাসী চাৰবুঢ়া মিলিক (40) আৰু তেওঁৰ পত্নী ফুডাং কে আ পী (37) সমীপৰ পাহাৰত থকা ঝুমতলীত বাস কৰিছিল । যোৱা নিশা উক্ত স্থানত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দম্পতীহালৰ ভঁৰালৰ সাঁচতীয়া ধান খায়েই ক্ষান্ত নাথাকি দম্পতীহালৰ ঝুমতলীত থকা আৱাসগৃহটো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে দুৰ্ভগীয়া দম্পতীহালকো গচকি হত্যা কৰে । বন বিভাগৰ লোক আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে চাওক-শংকা-অনিশ্চয়তাত NRC ৰ চূড়ান্ত তালিকাত নাম নথকা বহু খিলঞ্জীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.