ডিফু,১৪ নৱেম্বৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্য়াহত আছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । প্ৰতিদিনেই আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক কৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীক । কিন্তু ইমানৰ পাছতো যেন কেৰেপ নকৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে । প্ৰতিদিনেই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

ইয়াৰ মাজতে অসম-নাগালেণ্ড সীমান্তৰ ডিলাইত মঙলবাৰে ৩৬ ৰাষ্ট্ৰীয় ঘাই পথত চলোৱা নাকা চেকিঙত বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ'ইনসহ দুটা সৰবৰাহকাৰীক আটক কৰাৰ লগতে এখন মাৰুতি চুজুকি ইক'ভেন জব্দ কৰিবলৈ সক্ষম হয় ৷ অসম-নাগালেণ্ড সীমান্তৰ ডিলাইত আৰক্ষীৰ চকুত ধুলি দি এখন বাহনত গোপন চেম্বাৰ সাজি সন্দেহযুক্ত হেৰ'ইনখিনি সৰবৰাহ কৰিবলৈ অপচেষ্টা কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে দুটাকৈ মণিপুৰী সৰবৰাহকাৰী ৷

প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে বিয়লি প্ৰায় ৪ বাজি ৪৬ মিনিটত মণিপুৰৰ দিশৰ পৰা কাৰ্বি আংলঙৰ মাঞ্জা অভিমুখে আহি থকা MN06LX1848 বাহনখনত তালাচী চলাই বাহনখনৰ গোপন চেম্বাৰত মুঠ ২২ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ২৬৯'৪৩ গ্ৰাম হেৰ'ইন জব্দ কৰে ৷ ডিলাই আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে মণিপুৰৰ থৌবাল জিলাৰ মহম্মদ আব্দুল হামিদৰ পুত্ৰ মহম্মদ ছাহিব আৰু একে জিলাৰ মেৰিমিয়াম আয়াজুদ্দিনৰ পুত্ৰ মেৰিমিয়াম আৰিচক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, পাহাৰীয়া জিলাখনতে ৰঘুমলা শিপাৰ দৰে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা । এই ক্ষেত্ৰত আৰক্ষী কঠোৰ হোৱাৰ পাছতো যেন ৰোধিবলৈ সক্ষম হোৱা নাই । বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰি বৰবিহ ড্ৰাগছৰ বিৰদ্ধে সজাগ কৰিবলৈ চলোৱা প্ৰচেষ্টাও যেন বিফল হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: Drugs Seized : কঠিয়াতলীৰ ৰেংবেঙত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী