ETV Bharat / state

বকলীয়াঘাটৰ দিলীপ টকবিৰ হত্যা: দুই হত্যাকাৰীক গ্ৰেপ্তাৰ - কাৰ্বি যুৱ মহোৎসৱ

অৱশেষত আৰক্ষীৰ জালত পৰিল বকলীয়াঘাটৰ দিলীপ টকবিৰ হত্যাকাৰী । মাঞ্জাৰ লংনিট নদীত উদ্ধাৰ হৈছিল দিলীপ টকবিৰ মৃতদেহ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ৰঞ্জিত তিচ’ আৰু বিদ্যাছিং ক্ৰ’ক । প্ৰতিশোধ ল'বলৈ গৈ শিলেৰে মূৰত আঘাত কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল দিলীপ টকবিক । আৰক্ষীৰ জেৰাত শিহৰণকাৰী হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে ৰঞ্জিত তিচ’ আৰু বিদ্যাছিং ক্ৰ’ই ।

আৰক্ষীৰ জালত পৰিল বকলীয়াঘাটৰ দিলীপ টকবিৰ হত্যাকাৰী

author img

By

Published : Mar 22, 2021, 7:08 PM IST

ডিফু,২২ মাৰ্চ: বন্ধুৰ সৈতে হোৱা কাজিয়াৰ ভয়াৱহ পৰিণতি । কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ বাৰলং টকবি গাঁৱৰ দিলীপ টকবি নামৰ এজন যুৱকক নৃশংসভাৱে হত্যা কৰি লংনিট নদীত পেলাই দিলে দুজন যুৱকে । মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু সোমবাৰে আৰক্ষীয়ে বকলীয়াঘাটৰ বাৰলং টকবি গাঁৱৰ ৰঞ্জিত তিচ’ আৰু ডিফু পাঁচ কিলোৰ বৰছিং হাঞ্চে গাঁৱৰ বিদ্যাছিং ক্ৰ’ক গ্ৰেপ্তাৰ কৰে ।

স্থানীয় লোকৰ তথ্যৰ ভিত্তিত আৰু বকলীয়াঘাট আৰক্ষীৰ সহযোগত আৰক্ষীয়ে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত দুই অভিযুক্তই আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে, যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ সময়তে হত্যাৰ বলি হোৱা দিলীপ টকবিয়ে অভিযুক্ত বিদ্যাছিং ক্ৰ’ৰ ভাতৃৰ পৰা জোৰ-জুলুমকৈ ধন আদায় কৰিছিল । তেতিয়াৰে পৰা দিলীপৰ ওপৰত প্ৰতিশোধ লোৱাৰ সুযোগ বিচাৰি আছিল বিদ্যাছিঙে ।

যোৱা ১৮ মাৰ্চত সুযোগ বুজি দিলীপৰ মূৰত শিলেৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে । উল্লেখ্য যে, যোৱা ১৮ মাৰ্চত দিলীপে জনৈক ৰংপিৰ ঘৰত আয়োজিত এক বিবাহ অনুষ্ঠানত অংশ লৈছিল । যুৱকজনে গুটখা ক্ৰয়ৰ বাবে দুজন বন্ধুৰ সৈতে বিবাহ ভৱনৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিখোজ হৈ পৰে ।

এই ঘটনাৰ পিছতে দিলীপৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত মাঞ্জা থানাত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰে আৰু তদন্ত আৰম্ভ কৰে । যোৱা ১৯ মাৰ্চৰ বিয়লি মাঞ্জা আৰক্ষীয়ে লংনিট নৈত পৰি থকা অৱস্থাত দিলীপ টকবিৰ মৃতদেহ উদ্ধাৰ কৰে । সম্প্ৰতি দুই হত্যাকাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: বকলীয়াঘাটত নিচাযুক্ত টেবলেটসহ দুই যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.