ETV Bharat / state

APHLCৰ বিৰুদ্ধে সৰৱ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

author img

By

Published : Feb 20, 2022, 5:26 PM IST

কাৰ্বি আংলঙত বিজেপি আৰু এপিএইচএলচি দলৰ মাজত সংঘাত বৃদ্ধি পাইছে (BJP and APHLC clash in Karbi Anglong)। এইবাৰ এপিএইচএলচি দলৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং । দলটোৱে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলিৰাম ৰংহাঙৰ ।

kaac-cem-press-conference-against-aphlc
APHLCৰ বিৰুদ্ধে সৰৱ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

ডিফু,২০ ফেব্ৰুৱাৰী : কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election 2022) দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি আৰু আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলচ লিডাৰচ কনফাৰেন্স চমুকৈ এপিএইচএলচিৰ মাজৰ সংঘাত বৃদ্ধি পাইছে (BJP and APHLC clash in Karbi Anglong)৷ বিভিন্ন বিষয়ক লৈ দুয়োটা দলৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে আঞ্চলিক দল এপিএইচএলচিয়ে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰাৰ বিৰোধিতা কৰিছে ৷ তেওঁলোকে দাবী কৰা মতে পৰিষদে নিজাকৈ ভোটাৰ তালিকা প্ৰস্তুত কৰি নিজেই নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ৷

ইয়াৰ পাছতে এক সংবাদমেল সম্বোধন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কোনো দলৰ নাম উল্লেখ নকৰাকৈ কয় যে ৰাজ্যপাল হ’ল সাংবিধানিক মুৰব্বী ৷ সেয়ে ৰাজ্যপালৰ সিদ্ধান্ত মৰ্মেই নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যপালে যাকে উপযুক্ত বুলি ভাবে সেই সংস্থাকে নিৰ্বাচন পৰিচালনাৰ দায়িত্ব দিব ৷

ইফালে পৰিষদৰ বিষয়াসকলৰ দৰমহা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তুলিৰাম ৰংহাঙে কয় যে পৰিষদৰ বিষয়াসকলৰ দৰমহা ৰাজ্য চৰকাৰে প্ৰদান কৰাৰ ফলত পৰিষদৰ প্ৰায় ২৮ কোটি টকা ৰাহি হ’ব আৰু সেই ধন উন্নয়নমূূলক কামত খৰচ কৰিব পৰা যাব । তেওঁৰ মতে ইয়াৰ দ্বাৰা পৰিষদৰ ক্ষমতা সংকুচিত হোৱাটোক নুবুজায় ৷ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এনে অপপ্ৰচাৰ চলোৱা দল আৰু নেতাসকলক উন্নয়ন বিৰোধী বুলি অভিহিত কৰি কয় যে ৰাইজে এনে দলৰ এজনো লোকক আজিলৈকে কোনো নিৰ্বাচনতে জয়ী কৰোৱা নাই ৷

লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচন 2022: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.