ডিফু, ১৩ ফেব্রুৱাৰী: ৰাজ্য চৰকাৰৰ কেবিনেটৰ এখন বৈঠকত শেহতীয়াকৈ পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ মৰ্যাদা বিলোপ কৰি ইয়াক অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগলৈ পৰিণত কৰাৰ লগতে বি টি আৰকো ইয়াৰ আওতালৈ অনাৰ বাবে সিদ্ধান্ত লােৱা বুলি এক বাতৰি প্ৰকাশিত হৈছিল । এই খবৰক কেন্দ্র কৰি কাৰ্বি পাহাৰৰ ৰাজনীতি উত্তাল হৈ পৰে । কিন্তু শনিবাৰে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সিদ্ধান্ত প্রত্যাহাৰ হােৱা বুলি ঘােষণা কৰে ।
বকলীয়াঘাট ক্রীড়া সন্থাৰ খেলপথাৰত দুদিনীয়া কার্যসূচীৰে গাঁওবুঢ়াসকলৰ সন্মিলনৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত মুখ্য কার্যবাহীগৰাকীয়ে পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ মৰ্যাদা অক্ষুণ্ণ থকাৰ বিষয়ে ৰাইজক অৱগত কৰে । সাংবাদিকৰ আগত মুখ্য কার্যবাহী সদস্যগৰাকীয়ে কয় যে, ৰাজ্যিক কেবিনেটত বিষয়টো উত্থাপন কৰা হৈছিল যদিও এই সম্পর্কে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সৈতে পূর্বে কোনাে ধৰণৰ আলােচনা হােৱা নাছিল ।
বিষয়টো সন্দর্ভত দল-সংগঠনৰ বিৰোধিতাৰ লগতে সামাজিক মাধ্যমযােগে বিষয়টো সম্পর্কে জানিব পাৰি মুখ্য কার্যবাহী সদস্যগৰাকীয়ে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণোৱালৰ সৈতে এই সন্দর্ভত কেইবাবাৰাে আলােচনা কৰিছে বুলিও জানিবলৈ দিয়ে । সেই অনুসৰি, শুক্ৰবাৰে নিশা মুখ্যমন্ত্রীগৰাকীয়ে কেবিনেটৰ উক্ত সিদ্ধান্ত প্রত্যাহাৰ কৰা হ'ব বুলি প্রতিশ্রুতি দিয়াৰ লগতে শনিবাৰে পুৱা মুখ্যমন্ত্রীগৰাকীয়ে টেলিফোনযােগে কেবিনেটৰ উক্ত সিদ্ধান্ত প্রত্যাহাৰ কৰা বুলি জানিবলৈ দিয়ে বুলি স্পষ্ট কৰি দিয়ে ।
পার্বত্য এলেকা উন্নয়ন দপ্তৰ পূর্বৰ দৰেই থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া বুলি তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত প্ৰকাশ কৰে । আনহাতে, গাঁওবুঢ়া সম্মিলনৰ মুকলি সভাত জিলাখনৰ গাঁওবুঢ়াসকলৰ লগতে কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কার্যবাহী সদস্য প্রদীপ ৰংপি, মংগলছিং তিমুৎ, অমৰছিং তিচ', তৰেন্দ্ৰ ব্রহ্ম, লুনছিং টেৰণ, পৰিষদীয় সদস্য ৰামছিং তিমুং, দৰছিং ৰংহাং, কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য জৎচন বে', কাৰ্বিসকলৰ পৰম্পৰাগত ৰজাকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবর্গ উপস্থিত থাকে ।
লগতে পঢ়ক:আৰক্ষীৰ জালত ভুৱা GST ৰে ব্যৱসায় চলাই অহা আব্দুল কাদেৰ