ডিফু,১৫ এপ্ৰিল: বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ দিনৰ প্ৰায় ১ মান বজাত ডিফুৰ সমীপৱৰ্তী পিৰৱী মাৰ্কেটৰ ৰংচিংহঙত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
জানিব পৰা মতে, ডিফু হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ছিং ইংলেঙৰ বাসগৃহত কোনো নথকাৰ অৱস্থাত জুইৰ সূত্ৰপাত ঘটে ৷ অগ্নিকাণ্ডৰ ফলত নগদ ধনসহ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷
ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক পৰ্যায়ত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক: মৰাণৰ তিলৈত অনুষ্ঠিত হ'ল মুকলি বিহু