ETV Bharat / state

সোমবাৰে শপত ল’ব টীম তুলিৰামে

author img

By

Published : Jun 19, 2022, 9:52 PM IST

20 জুনত শপত গ্ৰহণ কৰিব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নৱ-নিৰ্বাচিত সদস্যসকলে(Swearing ceremony of KAAC elected members) ৷ ৰাজ্যপালে এইবাৰ প্ৰথমবাৰলৈ শপত বাক্য পাঠ কৰাব পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক ৷ ইয়াৰ পূৰ্বে উপায়ুক্তই শপত গ্ৰহণ কৰাইছিল কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলক ৷ এইবাৰ ইতিহাস ৰচনাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ গাদী দখল কৰিছিল বিজেপিয়ে ৷

Team Tuliram will take oath take oath on June 20
কাইলৈ শপত ল’ব টীম তুলিৰামে

ডিফু, ১৯ জুন: ডিফুৰ কাৰ্বি পিপলচ্ হল তাৰালাংছ’ৰ বাকৰিত সোমবাৰে অনুষ্ঠিত হ’ব ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত পৰিষদসকলৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান ৷ এই উপলক্ষে তাৰালাংচ' বাকৰিৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত সজাই পৰাই তোলা হৈছে এক আটক-ধুনীয়া মণ্ডপ ৷ উক্ত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখী(Assam Governor Professor Jagadish Mukhi) আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) ৷

উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ বিৰোধীক ধূলিসাৎ কৰি ইতিহাস ৰচনাৰে বিজেপিয়ে গাদী দখল কৰিছিল (BJP victory in KAAC election) ৷ কাৰ্বি আংলং জিলা পৰিষদ গঠন হোৱাৰ পিছৰ পৰা দ্বাদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈকে কোনো এটা ৰাজনৈতিক দলে মুঠ ২৬ খন আসন দখল কৰিবলৈ সক্ষম হোৱা নাছিল ৷

কিন্তু এইবাৰ ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ডাঃ তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপিক দলক জিলাখনৰ ৰাইজে আটাইকেইটা আসনৰ বাবে পৰিষদ নিৰ্বাচিত কৰি পঠিয়ালে ৷

তদুপৰি পূৰ্বৰ শপত গ্ৰহণৰ অনুষ্ঠান উপায়ুক্তৰ জৰিয়তে শপত গ্ৰহণ কৰোৱা হৈছিল যদিও এইবাৰ পৰিষদৰ নিৰ্বাচিত পাৰিষদসকলক অসমৰ ৰাজ্যপালে শপত বাক্য পাঠ কৰাব ৷ এই উপলক্ষে ডিফুৰ তাৰালাংচত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান ৷

লগতে পঢ়ক : 20 জুনত শপত: তুলিৰাম ৰংহাঙেই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.