ডিফু,29মাৰ্চ: বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ বিৰুদ্ধে সৰৱ হ'ল ৰাজ্যিক বিজেপিৰ উপ-সভাপতি লংকি ফাংছ'ৱে ৷ দলৰ ইস্তাহাৰত ভাৰতীয় সংবিধানৰ ২৪৪ (ক)ৰ কোনো প্রসংগ উল্লেখ নথকাৰ প্রসংগক কেন্দ্র কৰি সোমবাৰে ডিফুত এখন সংবাদমেল সম্বোধন কৰি ক্ষোভ উজাৰে লংকি ফাংছ'ৱে ৷ অৱসৰপ্রাপ্ত আই এ এছ বিষয়া তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি লংকি ফাংছ'ৱে কয় যে, ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰা ৰূপায়ণৰ বাবে সুদীর্ঘ কাল ধৰি পাহাৰীয়া জিলাকেইখনত সংগ্রামৰ সূত্রপাত হৈ আহিছে ।
নির্বাচনৰ পূর্বে দলটোৰ ইস্তাহাৰত বিষয়টো অন্তর্ভুক্ত কৰাৰ বাবে বাৰম্বাৰ দাবী জনোৱাৰ লগতে সাংসদ কামাখ্য প্রসাদ তাছাৰ নেতৃত্বত অহা এটা দলে জিলাখনৰ দল-সংগঠনৰ সৈতে মত বিনিময় কৰাৰ সময়টো বিষয়টো অৱগত কৰোৱা হৈছিল । কিন্তু দলটোৰ ইস্তাহাৰত ভাৰতীয় সংবিধানৰ ২৪৪ (ক) সন্দর্ভত এটা শব্দও উল্লেখ কৰা নহ'ল বুলি আক্ষেপ প্রকাশ কৰে লংকি ফাংছ'ৱে ৷ তদুপৰি নির্বাচনৰ প্রাকক্ষণত বিষয়টো সন্দর্ভত দলৰ ৰাজ্যিক সমিতিয়ে চিন্তা কৰা উচিত বুলিও কয় ফাংছ'ৱে ৷
লক্ষণীয়ভাৱে, এইক্ষেত্রত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙেও এইক্ষেত্রত বহু চেষ্টা কৰাৰ পিছতো বিষয়টোৰ সন্দর্ভত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা কোনো সঁহাৰি লাভ কৰিব পৰা নগ'ল বুলি ৰাজ্যিক বিজেপিৰ উপ-সভাপতিগৰাকীয়ে কয় । ইপিনে, অহা 1 এপ্রিলত নির্বাচন অনুষ্ঠিত হোৱাৰ প্রাকক্ষণত জিলাখনৰ বিভিন্ন দল-সংগঠনে বিজেপিৰ ইস্তাহাৰত বিষয়টো কিয় প্ৰকাশ নহ'ল বুলি কৰা প্রশ্নৰ পৰিপ্রেক্ষিততে এইদৰে প্রতিক্রিয়া প্রকাশ কৰিবলগীয়া হয় বুলি কয় ফাংছ'ৱে ৷
আনহাতে, জিলা বিজেপিৰ ইস্তাহাৰত এই সম্পর্কে উল্লেখ কৰা হৈছে যদিও এইক্ষেত্রত ৰাজ্যিক সমিতিৰ অনুমোদন আছে নে নাই সেই সম্পর্কেও সন্দিহান বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । তদুপৰি, জিলাখনত টীম কার্বি আংলং আৰু জিলা বিজেপিৰ মাজত সৃষ্টি হোৱা ব্যৱধানক কেন্দ্র কৰিও দলটোৰ কর্মীসকল সমস্যাত পৰা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । টীম কাৰ্বি আংলং আৰু জিলা বিজেপিৰ মাজত প্রকৃত বিজেপি কোনটো বুলি প্রশ্ন কৰি এই ক্ষেত্রত ৰাজ্যিক বিজেপিয়ে জিলা বিজেপি নে টীম কার্বি আংলঙক অগ্রাধিকাৰ দিব তাক লৈও বিজেপি দলৰ নেতা-কর্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হোৱা বুলি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় ।
এইবাৰ নির্বাচনত প্রার্থী বাচনিৰ ক্ষেত্রতো ভালেখিনি খেলিমেলি হোৱা বুলি অভিযাগ কৰি এইক্ষেত্রত দলটোৰ পুৰণি কর্মীসকল বঞ্চিত কৰা বুলি দলটোৰ ৰাজ্যিক উপ-সভাপতিগৰাকীয়ে গুৰুতৰ অভিযাগো উত্থাপনো কৰে । উল্লেখ্য যে, জিলা দুখনৰ 5খন বিধানসভা আসনৰ ভিতৰত একমাত্র বোকাজানৰ আসনখন বাহিৰে বাকী সমষ্টিকেইটাৰ পুৰণি বিধায়কসকলক বাদ দি চাৰিওগৰাকী নতুন প্রার্থীক প্রার্থিত্ব প্রদান কৰাৰ পিছৰে পৰা দলটোৰ ভিতৰচৰাত অসন্তুষ্টিয়ে গা কৰি উঠা বুলি বিভিন্ন সময়ত চর্চিত হৈ আহিছে। তেনে এক প্রেক্ষাপটত নির্বাচনলৈ মাজত কেইটামান ঘণ্টা বাকী থকা অৱস্থাত দলটোৰ উপ সভাপতি তথা জিলা বিজেপিৰো প্রাক্তন সভাপতি লংকি ফাংছ'ৰ এনে বিস্ফোৰণে স্বাভাৱিকতে তাৎপৰ্য বহণ কৰিছে ৷
লগতে পঢ়কঃ ডিমা হাচাওত নিৰ্বাচনৰ কামত গৃহৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত