ETV Bharat / state

কাৰ্বি আংলঙৰ ৰাজপথত স্পীড ৰাডাৰ গান - যান বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলঙৰ ৰাজপথত স্পীড ৰাডাৰ গান

ঘাইপথত যান-বাহনসমূহৰ অনিয়ন্ত্ৰিত গতিৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে ঘাইপথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা স্পীড ৰাডাৰ গান নামৰ এক নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । সেই অনুসৰি বিভাগটোৱে উক্ত প্ৰযুক্তিৰ জৰিয়তে মাত্ৰাধিক বেগত যোৱা বাহনসমূহ চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।

speed radar gun
কাৰ্বি আংলঙৰ ৰাজপথত স্পীড ৰাডাৰ গান
author img

By

Published : Jun 26, 2021, 4:52 PM IST

ডিফু,২৬ জুন : বিভিন্ন সময়ত ঘাইপথসমূহ বহুলোকৰ মৃত্যুৰ কাৰণ হৈ পৰে । অত্যাধিক গতিত বাহন চলোৱা আৰু যান-বাহনৰ নীতি-নিয়ম পালন নকৰাৰ বাবে বছৰি হাজাৰ হাজাৰ লোকে পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । যাৰ বাবে পৰিবহণ বিভাগে 'পথ সুৰক্ষা অভিযান' (Road safety awareness) শীৰ্ষক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

কিন্তু ইমানৰ পিছতো ৰাজপথত একাংশ উদণ্ড চালকৰ অতপালি অব্যাহত আছে । যাৰ বাবে সময়ে সময়ে কঠোৰ পদক্ষেপ লোৱা দেখা যায় পৰিবহণ বিভাগক । ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমতো পৰিবহণ বিভাগে (Transport department) বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে ।

উল্লেখ্য যে, ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ মে'লৈ কাৰ্বি আংলং জিলাত পথ দুৰ্ঘটনাত (Road Accident) মৃত্যু হৈছিল ২২ গৰাকী লোকৰ আৰু অতি লক্ষণীয়ভাৱে চলিত বছৰত একেটা সময়তে প্ৰায় ৪৪ গৰাকী লোকে পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰিছে ।

যান বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে কাৰ্বি আংলঙৰ ৰাজপথত স্পীড ৰাডাৰ গান

যাৰ বাবে কাৰ্বি আংলং জিলা পৰিবহণ বিভাগে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ঘাইপথত যান-বাহনসমূহৰ অনিয়ন্ত্ৰিত গতিৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে ঘাইপথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা স্পীড ৰাডাৰ গান (speed radar gun) নামৰ এক নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । সেই অনুসৰি বিভাগটোৱে উক্ত প্ৰযুক্তিৰ জৰিয়তে মাত্ৰাধিক বেগত যোৱা বাহনসমূহ চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।

জিলাখনৰ ডিফু-মাঞ্জা পথত শুকুৰবাৰে জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে সাংবাদিকক এই বিশেষ যন্ত্ৰটো চিনাকি কৰাই দিয়াৰ লগতে ইয়াৰ বিশেষত্বসমূহ উল্লেখ কৰে । লগতে বিগত এটা সপ্তাহ ধৰি ৰাষ্ট্ৰীয় ঘাইপথত কম সময়ৰ বাবে এই যন্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত ঘাইপথৰে যোৱা অধিকাংশ বাহনেই প্ৰয়োজনতকৈ অধিক গতিৰে চলোৱা দৃষ্টিগোচৰ হোৱা বুলি জিলা পৰিবহণ বিষয়াগৰাকীয়ে অৱগত কৰে । কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ সকলো ধৰণৰ লেনদেন নগদবিহীন (cashless transaction) কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে । কাৰ্যালয়টোত এতিয়াৰে পৰা সকলো ধৰণৰ লেনদেন কাৰ্ডৰ জৰিয়তেহে কৰা হ’ব বুলি জিলা পৰিবহণ বিষয়া (DTO) বিক্ৰমাদিত্য গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

লগতে পঢ়ক: সকলো চৰকাৰী কৰ্মচাৰীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী কৰ্মচাৰী পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.