ETV Bharat / state

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ বিশেষ পদক্ষেপ - ঘৰুৱা হিংসা

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে লক ডাউনৰ সময়ত ঘৰুৱা হিংসা,স্বামীৰ অত্যাচাৰ উৎপীড়ণৰ বলি হোৱা মহিলা সকললৈ আগবঢ়াব আইনী সুবিধা ৷

special step taken by  Assam State Legal Services Authority

author img

By

Published : Jun 1, 2020, 8:21 PM IST

ডিফু, ১ জুনঃ লক ডাউনৰ সময়ত ঘৰুৱা হিংসা,স্বামীৰ অত্যাচাৰ-উৎপীড়ণৰ বলি হোৱা মহিলা সকললৈ আইনী সুবিধা আগবঢ়াব অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে ৷ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ ৰাজ্যিক সদস্য সচিব নয়ন শংকৰ বৰুৱাই এক নিৰ্দেশনা যোগে ৰাজ্যৰ বিভিন্ন আইন সেৱা প্ৰাধিকৰণলৈ নিৰ্দেশনা প্ৰেৰণ কৰি জিলা আইন সেৱা প্ৰাধিকৰণ, সমাজ কল্যাণ কাৰ্যালয়,ওৱান ষ্টপ কাৰ্যালয়ৰ জৰিয়তে তেনে ভুক্তভোগী মহিলাক আইনী সেৱা,সুবিধা আগবঢ়ালৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং ছিষ্টেমৰ জৰিয়তে বিনামূলীয়া অভিজ্ঞ অধিবক্তাৰ পেনেল গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ ভুক্তভোগী মহিলা সকলে পেনেলৰ অধিবক্তা সকলৰ লগত নিজৰ সমস্যাৰ সন্দৰ্ভত আলোচনা কৰি আইনী সেৱা লাভ কৰিব পাৰিব বুলিও উল্লেখ কৰে সদস্য সচিব গৰাকীয়ে ৷

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ বিশেষ পদক্ষেপ

আনহাতে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ ২৮ মে'ত জাৰি হোৱা নিৰ্দেশনাৰ প্ৰতি সম্মান জনাই কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণে লক ডাউনৰ সময়ত জিলাখনত ঘৰুৱা হিংসা,উৎপীড়নৰ বলি হোৱা মহিলা সকলক সমাজ কল্যাণ কাৰ্যালয় আৰু ৱান ষ্টপ কাৰ্যালয়ৰ জৰিয়তে পেনেলত অন্তৰ্ভুক্ত অধিবক্তাৰ জৰিয়তে আইনী সুবিধা আগবঢ়োৱাৰ প্ৰচেষ্টা হাতত লৈছে বুলি জানিব পৰা গৈছে ৷ জিলা আইন সেৱা প্ৰাধিকৰণে এই সন্দৰ্ভত ৰশ্মি ভড়ালী,কণিকা বিশ্বাস,ৰুবি চৰকাৰ,জিতু পাল,উত্তম পাল,কেশৱ পাল আৰু দেমালু হাঞ্চুক লৈ এক অধিবক্তাৰ পেনেল গঠন কৰিছে ৷ ভুক্তভোগী মহিলা সকলক আইনী সেৱা আগবঢ়াবলগীয়া এছ অ'পিযুক্ত নিৰ্দেশনা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ,আদালত চৌহদ আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে,গুৰুত্বপূৰ্ণ ঠাই সমূহত নিৰ্দেশনাৰ প্ৰতিলিপি আঁৰি ৰখা হ'ব বুলি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নেগিব আহমেদে জানিবলৈ দিছে ৷ ইয়াৰোপৰি জিলা আৰক্ষী অধীক্ষকক সকলো আৰক্ষী চকীৰ জৰিয়তে ইচ্ছুক মহিলা সকললৈ ডিএলএছএৰ আইনী সেৱা প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মোহনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.