ETV Bharat / state

ৰংবং তেৰাঙলৈ সাহিত্য সূর্য্য বঁটা - পদ্মশ্ৰী ৰংবং তেৰাঙক কবি সন্মিলনৰ সাহিত্য সূর্য্য বঁটা প্রদান

ডিফু ক্লাবত জিলা কবি সন্মিলনৰ বঁটা প্রদান অনুষ্ঠান ৷ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক কবি সন্মিলনৰ সাহিত্য সূর্য্য বঁটা প্রদান ৷ সৃষ্টিশীল মানুহৰ হৃদয়ত সদায় এক সৃষ্টিৰ তাড়নাই খুন্দিয়াই থাকে বুলি মন্তব্য তেৰাঙৰ ৷

sahitya surya award conferred to rongbong terang

author img

By

Published : Mar 7, 2021, 8:15 PM IST

ডিফু, 7 মাৰ্চ: কার্বি আংলং জিলা কবি সন্মিলনে দেওবাৰে দিনজোৰা কার্যসূচীৰে ডিফু ক্লাবত বঁটা প্রদান আৰু সম্বৰ্ধনা জ্ঞাপনৰ এক অনুষ্ঠান সম্পন্ন কৰে ৷ জিলাখনৰ বিভিন্ন প্রান্তৰ কবি আৰু সাহিত্যনুৰাগী লােকৰ উপস্থিতিত আয়ােজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক কবি সন্মিলনে সাহিত্য সূর্য্য বঁটা প্রদান কৰে ৷ অনুষ্ঠানত ভাষণ দি বৰেণ্য সাহিত্যিক গৰাকীয়ে কয় যে, কবিতা এক কঠিন শিল্প ৷ কবিৰ জন্ম হয় ৷ বাল্মীকিয়ে সৰজু নৈৰ পাৰত বহি মহাকাব্য সৃষ্টি কৰিছিল ৷ একেদৰে আমাৰ কার্বি আংলঙৰ সুন্দৰ পাহাৰ প্রকৃতিৰ মাজত কবি সকলে সৃষ্টি কৰিছে ৷ সৃষ্টিশীল মানুহৰ হৃদয়ত সদায় এক সৃষ্টিৰ তাড়নাই খুন্দিয়াই থাকে বুলিও তেওঁ মন্তব্য কৰে ৷

জিলা কবি সন্মিলনৰ সভাপতি পাৰি ৰংপিৰ সভাপতিত্বত হােৱা আৰু ভৱপ্রসাদ দেউৰীয়ে আঁত ধৰা অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড৹ মনালিছা ৰংপিপীয়ে তিনিখনকৈ কাব্যগ্রন্থ উন্মােচন কৰে ৷ ভৱপ্রসাদ দেউৰীয়ে সম্পাদনা কৰা লকডাউন ২০২০ সময়, এতিয়া অসময়, দিবাকৰ ফুকনৰ কবিতাৰ একুঁকি স্তৱক আৰু শৰৎ পাটৰৰ এজাক বৰষুণৰ পাছত উন্মােচন কৰি ৰংপিপীয়ে কভিড-19 সৃষ্ট পৰিৱেশক লৈ কবিসকলে সুন্দৰ কবিতা লিখা বুলি মন্তব্য কৰে ৷ দেওবাৰৰ অনুষ্ঠানত কবি লক্ষেশ্বৰ শর্মাক কাব্য সূর্য্য, টংক কোঁৱৰক কার্বি ভাষাত লিখা অজনজাতীয় শ্রেষ্ঠ কবি, শ্রেষ্ঠ অনুবাদক কবি হাংমিজি হাঞ্চে, শ্রেষ্ঠ জনগােষ্ঠীয় কবি অৰুণ টেৰণ, শ্রেষ্ঠ অসমীয়া কাব্যগ্রন্থৰ বাবে চন্দ্র কুমাৰ বৰা, শ্রেষ্ঠ কাৰ্বি ৪ ভাষাৰ গ্রন্থ ছাৰএৎ হাঞ্চে, বড়াে ভাষাৰ গ্রন্থ থানেশ্বৰ গয়াৰী ডিমাছা ভাষাৰ গ্ৰন্থৰ বাবে জ্যোতিৰাম ছৰংছা, তিৱা ভাষাৰ গ্ৰন্থৰ বাবে প্রমােদ ছাগ্রাক, নেপালী ভাষাৰ শ্রেষ্ঠ কাব্য গ্রন্থৰ বাবে ডম্বৰু দাহালক বঁটা প্রদান কৰা হয় ৷

শ্রেষ্ঠ অসমীয়া কাব্যগ্রন্থৰ পাণ্ডুলিপিৰ বাবে দিবাকৰ ফুকন, শৰৎ পাটৰ, মঞ্জু টেৰণপী আৰু চন্দ্রছিং তেৰাঙক কবি সন্মিলনে বঁটা প্রদান কৰে ৷ মুকলি কবিতা প্রতিযােগিতাৰ বঁটা ক্ৰমে, খগেন ইংতি, ৰশ্মিৰীয়া গগৈ, কামিনী বড়াে আৰু দিপালী আমফি চেতিয়াক প্রদান কৰা হয় ৷ ছাত্র-ছাত্ৰীৰ মাজত হােৱা প্রতিযােগিতাৰ বঁটা ক্রমে ত্ৰিবেনী পােমা, মৃণাল দলে আৰু মমিতা পাটৰে লাভ কৰে ।

লগতে পঢ়ক: একেখন সংবাদমেলত অতুল, প্ৰমোদ, ৰঞ্জিত : কি ক'লে সমষ্টিৰ প্ৰাৰ্থীত্বৰ সন্দৰ্ভত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.