ডিফু, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ ফুলনিত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । ফুলনিত এখন বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে প্ৰাণ হেৰুৱালে দুজন লোকে । মৃত লোক দুজন ক্ৰমে আকিবুৰ ৰহমান আৰু আজগৰ আলী । ঘটনাৰ বিৱৰণী মতে, বুধবাৰে নিশা ডিফুৰ ছৰছৰিৰ ধৰমচিং ৰংহাং গাঁৱৰ বাসিন্দা অৰ্থাৎ আকিবুৰ ৰহমানৰ শহুৰৰ মৃত্যু হয় ৷ আকিবুৰৰ শহুৰৰ মৃত্যুৰ পূৰ্বৰ ইচ্ছানুসৰি তেওঁৰ মৃতদেহ আজি পুৱা হোজাই জিলাৰ হালধিআটিৰ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷
পুৱা এখন এম্বুলেন্সত মৃতদেহ হালধিআটিলৈ নিয়া হয় ৷ লগতে এখন বলেৰ'ত কেইজনমান স্থানীয় লোক হালধিআটিলৈ ৰাওনা হয় আৰু এখন বাইকেৰে আকিবুৰ ৰহমান আৰু তেওঁৰ বন্ধু আজগৰ আলীও যাত্ৰা কৰে ৷ ফুলনি উপস্বাস্থ্য কেন্দ্ৰৰ পৰা কিছু দূৰত বৃহস্পতিবাৰে প্ৰায় ১২-৩০ বজাত আকিবুৰ ৰহমানে চলাই যোৱা বাইকখনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।
ভয়াৱহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় আকিবুৰ ৰহমান আৰু আজগৰ আলীৰ ৷ মৃত্যুৰ সময়ত আকিবুৰে ৪টা সন্তান আৰু আজগৰ আলীয়ে পত্নীসহ দুটা সন্তান এৰি থৈ যায় ৷ আকিবুৰ আৰু আজগৰৰ মৃত্যুত ডিফুত শোকৰ ছাঁ বিৰাজ কৰিছে ।