ডিফু, 19 নৱেম্বৰ : কাৰ্বি আংলং(Karbi Anglong) জিলাৰ বকলীয়াঘাট(Bokoliya Ghat)স্থিত ধানকলৰ পৰা কেইবাহাজাৰ কিলোগ্ৰাম ধানৰ লগতে এখন ট্ৰাক চালকসহ নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
জানিব পৰা মতে, বকলীয়াঘাটৰ দুই নং উদালিস্থিত কমলা ৰাইচ ইণ্ডাষ্ট্ৰীজৰ জৰিয়তে ধান-চাউলৰ ব্যৱসায় চলাই থকা গিৰিধাৰীলাল শর্মাৰ ধানকলৰ পৰা চলিত বৰ্ষৰ 15 নৱেম্বৰৰ(সোমবাৰ) দিনা কমলা ৰাইচ ইণ্ডাষ্ট্ৰীজৰপৰা AS-17C-4159 নম্বৰৰ এখন এল পি টি ট্ৰাকেৰে গুৱাহাটীৰ মহালক্ষী ৱেলমেন ফুডলৈ মুঠ ২৪,৫৮০ কিঃগ্ৰা ধান প্ৰেৰণ কৰা হয় ৷
15 নৱেম্বৰৰ(সোমবাৰ) দিনাই প্ৰেৰণ কৰা ধানভৰ্তি ট্ৰাকখন উক্ত স্থানত (মহালক্ষী ৱেলমেন ফুড) উপস্থিত নোহোৱাৰ লগতে আজি পৰ্যন্ত সন্ধানহীন হৈ আছে ট্ৰাক খনৰ লগতে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তর্গত টিলাপাৰা(Tilpara)ৰ নিবাসী ৰহিম আলি নামৰ চালকজন ৷
ইফালে, বিগত চাৰিদিনধৰি(15 নৱেম্বৰ )ৰহস্যজনকভাবে ধানভৰ্তি ট্ৰাক(Rice Loaded Truck)খনৰ লগতে সন্ধানহীন হৈ থকা ৰহিম আলি (Rahim Ali)নামৰ চালকজনৰ বিৰুদ্ধে কমলা ৰাইচ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী গিৰিধাৰীলাল শর্মাই (Giridharilal Sarma) বকলীয়াঘাট থানাত দাখিল কৰে এখন এজাহাৰ ৷
বৰ্তমান এই এজাহাৰৰ ভিত্তিতে বকলীয়াঘাট আৰক্ষীয়ে 59/2021 নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ এতিয়া আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ মূল ৰহস্য ৷
লগতে পঢ়ক : Nimatighat ত পুনৰ ব্ৰহ্মপুত্ৰত পৰিল মহিলা