ETV Bharat / state

বৈঠালাংচত গঠন ৰাইজৰ দল

author img

By

Published : Nov 24, 2020, 6:37 PM IST

মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাত গঠন কৰা হয় ৰাইজৰ দল ৷ শতাধিক লোকৰ উপস্থিতিত ৩১ জনীয়া আহ্বায়ক কমিটিৰে ৰাইজৰ দল গঠন কৰা হয় ৷

Raijor Dal Formation at Baithalangso
বৈঠালাংচত গঠন ৰাইজৰ দল

ডিফু, 24 নৱেম্বৰঃ মঙলবাৰে পশ্চিম কাৰ্বি আংলং জিলাত গঠন কৰা হয় ৰাইজৰ দল ৷ বৈঠালাংচ’ৰ ভানু সংস্কৃতি সংঘত জিলা খনৰ বিভিন্ন স্থানৰ শতাধিক লোকৰ উপস্থিতিত ৰাইজৰ দল গঠন কৰা হয় ৷ এই সভাত উপস্থিত থাকে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক গিৰিশংকৰ গোস্বামী,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু উপদেষ্টা বেদান্ত লস্কৰ,ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক নৱদ্বীপ বৰা ৷ ৩১ জনীয়া আহ্বায়ক কমিটিৰে পশ্চিম কাৰ্বি আংলং জিলাত ৰাইজৰ দল গঠন কৰা হয় ৷ ইপিনে, ৰাইজৰ দলৰ এই সভাত সভাপতিত্ব কৰে বিদ্যাছিং হাঞ্চে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মহাজন ক্ৰৱে ৷

Raijor Dal Formation at Baithalangso
বৈঠালাংচত গঠন ৰাইজৰ দল

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰায়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয়, অনাগত দিনত ৰাইজৰ দলে জিলাখনত থকা আটাইকেইটা বিধানসভাৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে আপ্ৰাণ চেষ্টা কৰিব ৷ তদুপৰি দিচপুৰত দলটো অধিষ্ঠিত হ’লে কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ দূৰ কৰাৰ লগতে দুৰ্নীতি মুক্ত জিলা গঠনত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে ৰাজু বৰায়ে ৷

লগতে পঢ়কঃ তৰুণ গগৈৰ মৃত্যুত আৱেগিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.