ETV Bharat / state

চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে: পীযুষ হাজৰিকা

author img

By

Published : May 28, 2022, 6:52 PM IST

চীনৰ পি পি ই কিট কেলেংকাৰীক লৈ ৰাজ্যত ব্যাপক চৰ্চা (PPE kit scam in Assam)। বিজেপিৰ নেতা-মন্ত্ৰীয়ে অসমৰ ৰাইজক দিছে বুজনি । মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে অসমে চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল । ধনো পৰিশোধ কৰা নাছিল চৰকাৰে । সংবাদমাধ্যমৰ বাতৰিৰ কোনো সত্যতা নাই ।

Assam
চীনৰ পিপিই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে

ডিফু, ২৮ মে' : সম্প্ৰতি চীনৰ পি পি ই কিট কেলেংকাৰীক (PPE kit scam) লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুটাকৈ সংবাদমাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পাছতে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাতৰি অনুসৰি চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পি পি ই কিট ক্ৰয়ৰ নামত অসমত ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল । এই বাতৰিক লৈ চৰ্চা চলি থকাৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Piyush Hazarika on PPE kit scam)।

শণিবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পি পি ই কিট কেলেংকাৰীৰ বাতৰি সম্পূৰ্ণ মিছা আৰু মনেসজা । এই বাতৰিৰ কোনো ভিত্তি নাই বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে । ক'ভিডৰ আৰম্ভণিত যেতিয়া সমগ্ৰ পৃথিৱীজুৰি পি পি ই কিটৰ অভাৱ হৈছিল তেতিয়া অসমৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'ভিডৰ প্ৰধান সুৰক্ষামূলক অস্ত্ৰ পি পি ই কিটৰ জোৰা মাৰিবৰ বাবে দিন-ৰাতি একাকাৰ কৰি য'ৰ ত'ৰ পৰা ২০-৩০ টাকৈ পি পি ই কিট আনিছিল বুলিও তেওঁ দাবী কৰে ৷

চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে: পীযুষ হাজৰিকা

মন্ত্ৰীগৰাকীৰ মতে সেই সময়ত চীন দেশৰ পৰা পি পি ই কিট আহিছিল যদিও চিকিৎসক আৰু অসমৰ সচেতন ৰাইজে চীনৰ পি পি ই কিট সুবিধাজনক নহয় বুলি কোৱাত ৰাজ্য চৰকাৰে সেই পি পি ই কিট গ্ৰহণ নকৰিলে আৰু মূল্যও পৰিশোধ নকৰিলে ৷ পীযুষ হাজৰিকাই উল্লেখ কৰা মতে এই সন্দৰ্ভত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে অসমৰ ৰাইজক অৱগত কৰিছিল ৷ তেনে ক্ষেত্ৰত কেলেংকাৰীৰ কথা আহিব নোৱাৰে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি চি এ জিৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিষ্ঠানৰ লগতে উচ্চ আৰু উচ্চতম ন্যায়ালয়তো এই সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈও আহ্বান জনাইছে মন্ত্ৰী হাজৰিকাই । উল্লেখ্য যে স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সংক্ৰান্তত কাৰ্বি আংলঙত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই ডিফুত চি ই এমৰ চৰকাৰী বাংলোত এই সংবাদমেল সম্বোধন কৰে ৷

লগতে পঢ়ক :পি পি ই কিটৰ ৰহস্যঃ চি বি আই তদন্ত দাবী বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.