ETV Bharat / state

লাহৰিজানত ২১৫ বটল কফ চিৰাপসহ সৰবৰাহকাৰী আটক

author img

By

Published : Dec 30, 2021, 2:09 PM IST

বুধবাৰে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী লাহৰিজানত অভিযান চলাই আৰক্ষীয়ে কৰায়ত্ত কৰে এজন সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীটোৰ পৰা লাহৰিজান আৰক্ষীয়ে জব্দ কৰে কফ চিৰাপৰ ২১৫ টা বটল (215 bottles of cough syrup seized in Laharijan) ।

One person apprehended with 215 bottles of codein syrup
লাহৰিজানত ২১৫ বটল ক'ডেইন চিৰাপসহ এটা সৰবৰাহকাৰী আটক

ডিফু, ২৯ ডিচেম্বৰ : নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে আৰক্ষীৰ অভিযান । নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক জালত পেলোৱাৰ বাবে কাৰ্বি আংলং আৰক্ষীয়েও জিলাখনৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে অভিযান ।

বুধবাৰে লাহৰিজান পহৰা চকীৰ সমীপতে তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা বহু পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ । এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত উপ-পৰিদৰ্শক দেৱপ্ৰতিম কোঁৱৰ লগতে আন জোৱানসকলে AS 02 9796 নম্বৰৰ এখন বাছত তালাচী চলায় ।

215 bottles of codein syrup seized in Laharijan
লাহৰিজানত নিচাজাতীয় কফ চিৰাপৰ ২১৫ টা বটল জব্দ

তালাচীৰ সময়তে নিচাযুক্ত ক'-টেৰেক্স (জুপিটাৰ ক'ডেইন) কফ চিৰাপৰ ২১৫টা বটল জব্দ কৰিবলৈ সক্ষম হয় (215 bottles of Coterex syrup seized in Laharijan) । প্ৰতিটো বটলতে ১০০ মিলি লিটাৰকৈ কফ চিৰাপ আছিল । ইয়াৰ পাচতে আৰক্ষীয়ে নিচাযুক্ত চিৰাপখিনিৰ সৰবৰাহৰে জড়িত ছাইফুল ইছলামক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় (One apprehended with Coterex syrup in Laharijan) । ছাইফুল ইছলাম হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত জুথাং বস্তিৰ হাছেন আলীৰ পুত্ৰ ৷

কফ চিৰাপখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ উপস্থিতিত জব্দ কৰা হয় ৷ পূৰ্বেও নিচাজাতীয় দ্ৰব্য সৰবৰাহৰে জড়িত বহু লোক বোকাজান আৰক্ষীৰ জালত পৰিছে যদিও এই অবৈধ বেহা এতিয়াও বন্ধ হোৱা নাই ।

লগতে পঢ়ক: Illegal liquor seized : ৰাজ্যত ঠায়ে ঠায়ে জব্দ নিষিদ্ধ সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.