ডিফু, ১৫ জানুৱাৰী: শুক্ৰবাৰে খেৰণি থানা চৌহদত ধৰ্ণাত বহিল বন্যহস্তীৰ আক্ৰমণত নিহত অশোক ৰাজভৰ পত্নী । তিনিমহীয়া সন্তান কোলাত লৈ প্ৰতিবাদ সাব্যস্ত কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে । খেৰণিৰ কৰাণাইমাবিল অঞ্চলৰ মাজবস্তিত থকা অশোক ৰাজভৰ বাসগৃহ বৃহস্পতিবাৰে নিশা বন্যহস্তীৰ এটা বৃহৎ জাকে আগুৰি ধৰে । পৰিয়ালৰ আন সদস্যসকলে হাতী অহাৰ উমান পোৱাৰ লগে লগে পলায়ন কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে যদিও অশােক ৰাজভ ঘৰটোতে আবদ্ধ হৈ পৰে ।
বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যু আঁকোৱালি ল'বলগীয়া হয় অশোকে । হাতীয়ে অশোক ৰাজভৰ বাসগৃহটোও ভাঙি লণ্ড-ভণ্ড কৰে । শুক্ৰবাৰে অশােক ৰাজভৰৰ মৃতদেহ খেৰণি থানা আহি পােৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগা শতাধিক লােকে খেৰণি থানা চৌহদত প্রতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । আনহাতে, বন বিভাগে অঞ্চলটোত সঘনাই চলি থকা হাতীৰ সন্ত্ৰাস ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি নিহত অশােক ৰাজভৰৰ বিধৱা পত্নীয়ে তিনিমহীয়া সন্তান কোলাত লৈ বন বিভাগৰ কার্যালয় চৌহদত ধর্ণাত বহে ।
বিয়লি পর্যন্ত অশােক ৰজভৰৰ বিধৱা পত্নীয়ে কোলাত কণমানি সন্তানক লৈ প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই বন্যহস্তীৰ আক্রমণৰ ফলত খেৰণি এলেকাত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ ছবি উদঙাই দিছে । পিছত বন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হােৱাত প্রতিবাদকাৰী ৰাইজে বন বিষয়াগৰাকীৰ জৰিয়তে অসমৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যলৈ এখন স্মাৰকপত্র প্রেৰণ কৰে ৷
অশােক ৰাজভৰ বিধৱা পত্নীক অতি শীঘ্ৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ, হাতীয়ে বিনষ্ট কৰা খেতিৰ বাবে কৃষকক উপযুক্ত ক্ষতিপূৰণ প্রদান, বনৰীয়া হাতীৰ সমস্যাৰ স্থায়ী সমাধান নােহােৱা পর্যন্ত হাতীৰ জাকটোক কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰাকে ধৰি ৭টা দাবী সম্বলিত এখন স্মাৰকপত্র প্রেৰণ কৰে ।