ডিফু, 21 মে': সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC Election 2022) বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল আৰু নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকাৰ মাজতে শনিবাৰে জিলাখনৰ মাঞ্জাত মৰণাস্ত্ৰসহ এজন যুৱক আটক হয় (Arms seized at Diphu) ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, শনিবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পোৱা তথ্য অনুসৰি অভিযান চলাই পিষ্টলসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় (One arrested from Diphu with illegal arms) ৷ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বকলীয়াঘাট থানাৰ অন্তৰ্গত জীলাংছʼ এলেকাত এই তালাচী অভিযান চলায় ।
অভিযানত আৰক্ষীয়ে AS01-EJ-9158 নম্বৰৰ এখন বাহনত তালাচী চলাই এটা পইন্ট 32 পিষ্টলসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । ধৃত যুৱকজন ডিফু থানাৰ অন্তৰ্গত ৰংফাংবং নিবাসী শান্তনু তেৰাং বুলি চিনাক্ত কৰা হৈছে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত যুৱকজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: Cough syrup seized in Manipur : মণিপুৰত 8812 টাকৈ কফ চিৰাপৰ বটল জব্দ