ETV Bharat / state

NCC North East Car Rally 2023: হীৰক জয়ন্তী উপলক্ষে এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী - NCC diamond jubilee

দেওবাৰে ডিফুত উপস্থিত এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী 2023 ৷ এন চি চিৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে উলিওৱা হৈছে এই কাৰ ৰেলী ৷

NCC North East Car Rally 2023
75 বছৰ সম্পূৰ্ণ কৰিলে এন চি চিয়ে
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 5:13 PM IST

75 বছৰ সম্পূৰ্ণ কৰিলে এন চি চিয়ে

ডিফু, 12 নৱেম্বৰ : ৰাষ্ট্ৰীয় ক্ৰেডেট ক্ৰপ চমুকৈ এন চি চিয়ে সম্পূৰ্ণ কৰিলে 75 বছত ৷ সেয়ে হীৰক জয়ন্তী উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য পৰিভ্ৰমণৰ উদ্দেশ্যে এন চি চিৰ মেজৰ জেনেৰেল গগণ দীপৰ নেতৃত্বত উলিওৱা হৈছে এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী 2023 ৷

সেই কাৰ ৰেলীৰ দলটো দেওবাৰে ডিফুত উপস্থিত হয় ৷ উক্ত কাৰ ৰেলী দলটোক ডিফুত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে আদৰণি জনায় ৷ লগতে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচত দলটোৰ পৰৱৰ্তী গন্তব্য স্থানৰ বাবে ফ্লেগ অফ কৰি এন চি চিৰ ক্ৰেডেটসকল শুভ কামনা জ্ঞাপন কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

এই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীয়ে কয় যে, ৰজত জয়ন্তী উপলক্ষে যোৱা 6 নৱেম্বৰত শ্বিলঙৰ পৰা এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলীৰ শুভাৰম্ভ কৰা হয় ৷ এই কাৰ ৰেলীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ পৰিভ্ৰমণ কৰি 26 নৱেম্বৰত ৰাষ্ট্ৰীয় এন চি চি দিৱসৰ দিনা গুৱাহাটীত এই কাৰ ৰেলীৰ সামৰণি পৰিব ৷

আনহাতে এন চি চিৰ মেজেৰ জেনেৰেল গগণ দীপে সাংবাদিকৰ আগত কয় যে, এন চি চিৰ ৰজত জয়ন্তী উপলক্ষে উত্তৰ-পূৰ্বাঞ্চল জ'নত বাহিৰ কৰা কাৰ ৰেলীৰ জৰিয়তে এন চি চি ক্ৰেডেটসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ সন্দৰ্ভত বুজ লোৱা হ’ব ৷ লগতে ক্ৰেডেটসকলৰ সৈতে মত বিনিময় কৰা হ’ব বুলি জানিবলৈ দিছে দীপে ৷

ইফালে কাৰ ৰেলীত ব্যৱহাৰ কৰা বাহনসমূহ মাৰুতি চুজুকি বাহন ৷ সেয়ে মাৰুতি চুজুকি কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰা লগতে ডিফুৰ উন্নয়নত মুগ্ধ বুলি উল্লেখ কৰে মেজৰ জেনেৰেল দীপে ৷ তেওঁ কয়, ‘‘এন চি চিৰ মট' অনুশাসন আৰু একতাৰ জৰিয়তে এন চি চিয়ে দেশৰ উন্নয়নৰ বাবে আৰু শান্তি ৰক্ষাৰ বাবে দায়বদ্ধতাৰে পালন কৰিব ৷’’

লগতে পঢ়ক: KAAC Budget Session 2023-24 : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 246 সংখ্যক বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.