ETV Bharat / state

ডিফুত ৰাষ্ট্ৰীয় লোক আদালতত ২৮ টা গোচৰ নিষ্পত্তি - ডিএলএছৰ সচিব নাগিব আহমেদে

সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শনিবাৰে ডিফু ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰা হয় ৷ ডিফু ন্যায়িক আদালতৰ উপৰিও বোকাজান আদালততো অনুষ্ঠিত হয় লোক আদালত ৷

national lok adalat
ডিফুত ৰাষ্ট্ৰীয় লোক আদালতত ২৮ টা গোচৰ নিষ্পত্তি
author img

By

Published : Apr 10, 2021, 9:58 PM IST

ডিফু, ১০ মাৰ্চঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শনিবাৰে ডিফু ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰা হয় ৷ ডিফু ন্যায়িক আদালতৰ উপৰিও বোকাজান আদালততো অনুষ্ঠিত হয় লোক আদালত ৷ অপৰাধমূলক, দেৱানী, মটৰ দূৰ্ঘটনা জনিত গোচৰৰ লগতে এপিডিচিএল, অসম গ্ৰামীণ বিকাশ বেঙ্ক(১০)টা শাখা আৰু বকলীয়াঘাট শাখাৰ চেণ্ট্ৰেল বেঙ্ক ইণ্ডিয়া, ডিফু শাখাৰ ইউকো বেঙ্ক অফ ইণ্ডিয়া, বেঙ্ক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেছনেল বেঙ্ক আৰু নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্ক ডিফু শাখাৰ পূৰ্বৰ ঋণ সম্পৰ্কীয় গোচৰসমূহ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয় ৷ সংবাদ মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে ডিএলএছএৰ সচিব নাগিব আহমেদে ৷

শনিবাৰে লোক আদালতত মুঠ ২৮ টা গোচৰ নিষ্পত্তি কৰা হয় ৷ ইয়াৰে ৫ টা মটৰ দূৰ্ঘটনা জনিত গোচৰ, বিত্তীয় প্ৰতিষ্ঠান সমূহৰ ঋণজনিত ১১ টা গোচৰ আৰু আদালতৰ ১২ টা গোচৰ নিষ্পত্তি কৰা হয় বুলি সচিব গৰাকীয়ে জানিবলৈ দিয়ে ৷ তাৰোপৰি বোকাজানৰ পূৰ্বৰ গোচৰ সমূহকলৈ মুঠ ৪১৫ টা গোচৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় লোক আদালতত গ্ৰহণ কৰা হয় ৷ ইয়াৰে ৩১৫ টা পূৰ্বৰ গোচৰ আৰু ১০০ আদালতৰ গোচৰ বুলি জানিব পৰা গৈছে ৷ জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে লোক আদালতত অংশ গ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ গোচৰ সমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায় ৷ অংশ গ্ৰহণকাৰী সকলেও জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক প্ৰশংসা কৰে ৷ লোক আদালত আৰম্ভ হোৱাৰ পূৰ্বে কৰ্তৃপক্ষই সম্পূৰ্ণ ক'ভিড প্ৰট'কল অনুসৰি অংশ গ্ৰহণকাৰী সকলক আদালত চৌহদত প্ৰৱেশ কৰিবলৈ দিয়ে ৷

লগতে পঢ়ক : মহাৰাষ্ট্ৰত তিনি সপ্তাহৰ লক ডাউন ঘোষণাৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.