ETV Bharat / state

কাৰ্বি আংলঙ হত্যাকাণ্ডঃ 5 গৰাকীক আটক - খেৰণি আৰক্ষী চকী

সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত এক হত্যাকাণ্ড সংঘটিত হয় ৷ খেৰণিৰ বৰ-মাটিখোলাত সংঘটিত হৈছে এই ঘটনা ৷ অভিযোগ অনুসৰি,পাঁচ সতীৰ্থই হত্যা কৰিছে জীতেন্দ্ৰ ৰাম নামৰ 20 বছৰীয়া যুৱকজনক ৷ নিশা হত্যা কৰি আমৰেং বনাঞ্চলৰ এডাল গছত ৰছীৰে ওলমাই ৰখাৰ অভিযোগ উখাপন হৈছে ৷

MURDER OF ASSAM KARBI ANGLANG
কাৰ্বি আংলঙত হত্যাকাণ্ডঃ 5 গৰাকীক আটক
author img

By

Published : Jul 27, 2020, 4:26 PM IST

হোজাই, 27 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস চলি থকাৰ মাজতে সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত এক হত্যাকাণ্ড সংঘটিত হয় ৷ খেৰণিৰ বৰ-মাটিখোলাত সংঘটিত হৈছে এই ঘটনা ৷ অভিযোগ অনুসৰি,পাঁচ সতীৰ্থই হত্যা কৰিছে জীতেন্দ্ৰ ৰাম নামৰ 20 বছৰীয়া যুৱকজনক ৷ নিশা হত্যা কৰি আমৰেং বনাঞ্চলৰ এডাল গছত ৰছীৰে ওলমাই ৰখাৰ অভিযোগ উখাপন হৈছে ৷

কাৰ্বি আংলঙ হত্যাকাণ্ডঃ 5 গৰাকীক আটক

ঘটনাৰ বিৱৰণ অনুসৰি,দেওবাৰৰ নিশা চাৰিজন সতীৰ্থৰ সৈতে হাতী পহৰা দিবলৈ একেলগে টঙি ঘৰত আছিল জীতেন্দ্ৰ নামৰ যুৱকজন । কিন্তু পিছদিনা জীতেন্দ্ৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই সতীৰ্থক সোধ-পোচ কৰে যদিও সতীৰ্থই নিশাই জীতেন্দ্ৰ ঘৰলৈ উভতি অহা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকক । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে জীতেন্দ্ৰৰ কোনো ধৰণৰ সন্ধান নাপাই খেৰণি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে চাৰি সতীৰ্থক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰখাৰ পিচত তেওঁলোকে জীতেন্দ্ৰক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে ৷

কাৰ্বি আংলঙ হত্যাকাণ্ডঃ 5 গৰাকীক আটক

ইতিমধ্যে,উক্ত ঘটনাক কেন্দ্ৰ কৰি পাঁচ অভিযুক্ত ক্ৰমে সন্দেশ মাৰাক,অনুলেশ মাৰাক,জিৰিম মাৰাক,শ্ৰীৰাম বিশ্বাস আৰু শুবোধ ৰাজভৰক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত অভিযুক্তই দেওবাৰে পুৱতি নিশা প্ৰায় 3 বাজি 20 মিনিটত জীতেন্দ্ৰ ৰামক হত্যা কৰি গছত ওলমাই ৰখাৰ কথা স্বীকাৰ কৰিছে ।

উল্লেখ্য যে,কি কাৰণত জীতেন্দ্ৰক সতীৰ্থই হত্যা কৰিলে সেই কথা বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : পৰিত্যক্ত লাকুৱাৰ "আমলখি দেওশাল"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.