ETV Bharat / state

কাৰ্বি-আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ

author img

By

Published : Jun 18, 2019, 1:42 PM IST

সাধাৰণ কথাতে আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে অসমত। কাৰ্বি-আংলঙত উম্মত্ত দলে এজন নিৰীহ মানুহক অত্যাচাৰ কৰাৰ ঘটনাই জোকাৰী গৈছে পুনৰ ৷

কাৰ্বি-আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ কৰাৰ ঘটনা

কাৰ্বিআংলং,১৮ জুন : পুনৰ কাৰ্বি-আংলঙত উম্মত্ত দলে এজন নিৰীহ মানুহক অত্যাচাৰ কৰাৰ ঘটনাৰ পুনৰাবৃত্তি হয়। কাৰ্বি আংলঙৰ এটা ইটা ভাটাত কাম কৰা এজন শ্ৰমিকক ভাটাটোৰ মালিক আৰু ১৫-১৬ জন শ্ৰমিকে দলৱদ্ধভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ETV BHARAT ASSAM
কাৰ্বি-আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ কৰাৰ ঘটনা

ভুক্তভোগী শ্ৰমিকজনৰ ঘৰ হোজাই জিলাৰ বৰবালী গাঁৱত। ঘটনাৰ বিৱৰণী অনুসৰি আব্দুল কালাম নামৰ এজন শ্ৰমিকে কাৰ্বিআংলঙৰ হাওঁৰাঘাট অঞ্চলৰ ডিলাইডাংগাত থকা হামি চাহুৰ ইটা ভাটা এটাত কাম কৰিছিল । অভিযোগ অনুসৰি যোৱা ১৫ জুনত ইটা ভাটাৰ মালিকৰ স'তে শ্ৰমিক জনৰ কোনো কথাত মতানৈক্য হোৱাত মালিক আৰু আন কৰ্মাচাৰীসকলে দলৱদ্ধভাৱে শ্ৰমিক কালামক মাৰপিট কৰি বান্ধি থয়। তেনে সময়তে ভুক্তভোগী গৰাকীয়ে সুযোগ বুজি কোনোমতে নিজকে মুকলি কৰি পলাবলৈ চেষ্টা কৰাত ইটাভাটাৰ মানুহে দা,লাঠি লৈ খেদি খেদি আকৌ তেওঁক প্ৰহাৰ কৰে। আৰু সেই দিনাৰ পৰাই শ্ৰমিক জনৰ আজিলৈকে কোনো সন্ধান নাই বুলি জনাই কালামৰ আত্মীয়ই। পৰৱৰ্তী সময়ত ভুক্তভোগীৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত হাওঁৰাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ভুক্তভোগী কালামৰ চাইকেল উদ্ধাৰ কৰে।

কাৰ্বি আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ কৰাৰ বৰ্বৰ ঘটনা, ভুক্তভোগী সন্ধানহীনৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।

উম্মত্ত এটা দলে মিলি এজন নিৰীহ মানুহক অত্যাচাৰ কৰাৰ ঘটনাৰ পুনৰাবৃত্তি হ'ল কাৰ্বি আংলঙত ৷ সাধাৰণ কথাতে আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাই আহিছে এইখন অসমত ৷

 কাৰ্বি আংলংৰ ইটা ভাটাত কাম কৰা এজন শ্ৰমিকক ভাটাটোৰ মালিক আৰু 15-16 জন শ্ৰমিক মিলি দলৱদ্ধ হৈ বৰ্বৰভাৱে মাৰপিট কৰাৰ অভিযোগ ৷ 

শ্ৰমিকজনৰ ঘৰ হোজাই জিলাৰ বৰবালী গাৱত ৷

 ঘটনাৰ বিৱৰণীমতে আব্দুল কালাম নামৰ অতি দুখীয়া শ্ৰমিকজনে কাৰ্বিআংলঙৰ হাওঁৰাঘাট অঞ্চলৰ ডিলাইডাংগাত থকা হামি চাহুৰ ইটা ভাটাত কাম কৰিছিল ৷ যোৱা 15 জুন তাৰিখে ইটা ভাটাৰ মালিকে শ্ৰমিকজনক মাতি পঠিয়াই আৰু কিবা কথাত মতানৈক্য ঘটাত মালিক আৰু বেলেগ কৰ্মাচাৰী মিলি বৰ্বৰভাৱে মাৰপিঠ কৰি বান্ধি থয় ৷ ভুক্তভোগীয়ে সুযোগবুজি কোনোমতে নিজকে মুকলি কৰি পলাবলৈ বিচৰাত ইটাভাটাৰ মানুহে দা, লাঠি লৈ খেদি খেদি আহি ধৰি আকৌ মাৰপিঠ কৰে। সেই দিনাখন ৰ পৰাই মানুহজনৰ আজিলৈ কোনো সন্ধান নাই৷ ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ শহুৰে হাওঁৰাঘাট আৰক্ষী চকীত এজাহাৰ দিয়ে আৰু আৰক্ষীঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

 শ্ৰমিকজনক খবৰ দি ইটা ভাটাত মাতি নিয়া বুলি অভিযুক্তই স্বীকাৰ কৰে ৷ ভুক্তভোগীৰ চাইকেল ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ 

খবৰ লিখাপৰলৈকে মানুহজনৰ  কোনো সন্ধান পোৱা হোৱা নাই ৷ চাৰিটা লৰা-ছোৱালী আৰু পত্নীৰ সৈতে শ্ৰমিকজনৰ অতি দুখীয়া পৰিয়াল ৷ মানুহজন অবিহনে পৰিয়ালটোৰ কি গতি হব, সেয়া হৈ পৰিছে পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন ৷

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.