ETV Bharat / state

প্ৰাক্তন সাংসদৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

প্ৰাক্তন সাংসদ বীৰেণ সিং ইংতিৰ বাসভৱনত বয়-বস্তুৰ ক্ষতিসাধন দুৰ্বৃত্তৰ ৷ পুৱা প্ৰায় 5 বজাত কোনো অজ্ঞাত দুৰ্বৃত্তই প্ৰাক্তন সাংসদ গৰাকীৰ ডিফুস্থিত বাসভৱনৰ চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি কোৰেৰে এখন ইন’ভা বাহনৰ আইনা ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ৷ ঘটনা সন্দৰ্ভত ডিফু থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷

author img

By

Published : Sep 22, 2020, 7:39 PM IST

Miscrient attack in the residence of Ex MP Birensingh Ingti diphu assam etv bharat news
বয়-বস্তুৰ ক্ষতিসাধন

ডিফু,22 ছেপ্তেম্বৰ: প্ৰাক্তন সাংসদ বীৰেণ সিং ইংতিৰ ডিফুস্থিত বাসভৱনত মঙলবাৰ পুৱা আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ ইংতিৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে জনোৱা খবৰ অনুসৰি, পুৱা প্ৰায় 5 বজাত কোনো অজ্ঞাত দুৰ্বৃত্তই প্ৰাক্তন সাংসদগৰাকীৰ ডিফুস্থিত বাসভৱনৰ চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি কোৰেৰে এখন ইন’ভা বাহনৰ আইনা ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ৷ ইয়াৰ পিছত ইংতিৰ বাসভৱনৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন আচবাবৰ লগতে মূৰ্তি তথা অন্যান্য বিভিন্ন সামগ্ৰী ভাঙি ক্ষতিসাধন কৰে ৷ অৱশ্যে দুৰ্বৃত্তটোক সাংসদগৰাকীৰ পৰিয়ালৰ লোকে চিনাক্ত কৰিব পৰা নাই ৷ নিচেই পুৱাতে বাহিৰত হুলস্থূল শুনি ইংতিৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু অন্যান্য লোকসকল আহি দুৰ্বৃত্তটোক কৰায়ত্ত কৰি ডিফু থানাত খবৰ দিয়ে ৷ এই খবৰ লাভ কৰা মাত্ৰকে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তটোক আটক কৰি থানালৈ আনে ৷

দুৰ্বৃত্তৰ আক্ৰমণ

বিষয় সন্দৰ্ভত প্ৰাক্তন সাংসদগৰাকীয়ে ডিফু আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত 447/448/427 নং ধাৰাত 177/2020 নম্বৰত এক গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি আটকাধীন দুৰ্বৃত্তটো ডকমকা থানাৰ অন্তৰ্গত কাংনেট টকবী গাঁও বাগপাণিৰ চন্দ্ৰ ইংতিৰ পুত্ৰ দেউৰী ইংতি(35) বুলি চিনাক্ত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত দুৰ্বৃত্তটো মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি প্ৰকাশ পাইছে ৷

লগতে চাওকঃ তিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.