ETV Bharat / state

টকৌলাংছ' জলপ্ৰপাত এলেকাত উগ্ৰপন্থীৰ মুক্ত বিচৰণৰ ভিডিঅ’ ভাইৰেল - টকৌলাংছ’ জলপ্ৰপাত

সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ভাইৰেল হৈছে এক ভয়াবহ দৃশ্যৰ ভিডিঅ’ ৷ এই ভিডিঅ’টোত দেখা গৈছে মাৰণাস্ত্ৰ সহিতে উগ্ৰপন্থীৰ মুক্ত বিচৰণ ৷ অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ টকৌলাংছ’ জলপ্ৰপাত এলেকাত এইদৰে মুক্ত বিচৰণ কৰি থকা দেখা যায় কুকি উগ্ৰপন্থীৰ একাংশ মাৰণাস্ত্ৰধাৰী সদস্যক ৷ উক্ত ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷

millitants open walks with arms at tourist place in karbi anglong assam etv bharat news
উগ্ৰপন্থীৰ মুক্ত বিচৰণৰ ভিডিঅ’ ভাইৰেল
author img

By

Published : Aug 26, 2020, 3:17 PM IST

ডিফু,২৫ আগষ্ট: সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ভাইৰেল হৈছে এক ভয়াবহ দৃশ্যৰ ভিডিঅ’ ৷ এই ভিডিঅ’টোত দেখা গৈছে মাৰণাস্ত্ৰ সহিতে উগ্ৰপন্থীৰ মুক্ত বিচৰণ ৷ উঠিছে পৰ্যটকৰ লগত ছেলফি ৷ এয়া কোনো অজান্তিমূলুকৰ দৃশ্য নহয় ৷ খোদ এইখন অসমতে সংঘটিত হৈছে এনে ঘটনা ৷ অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ টকৌলাংছ’ জলপ্ৰপাত এলেকাত এইদৰে মুক্ত বিচৰণ কৰি থকা দেখা যায় কুকি উগ্ৰপন্থীৰ একাংশ মাৰণাস্ত্ৰধাৰী সদস্যক ৷ এসময়ত উগ্ৰপন্থীৰ ৰম্যভূমি হিচাপে পৰিচিত কাৰ্বি আংলঙৰ শীৰ্ষ উগ্ৰপন্থী সংগঠনসমূহে মূলসূঁতিলৈ ঘূৰি আহি চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে আকস্মিকভাৱে ভাইৰেল হোৱা উক্ত ভিডিঅ’ই সম্প্ৰতি তোলপাৰ লগাইতছে ৰাজ্যত ৷

বিগত কিছুদিন ধৰি মাঞ্জা, ডিলাই আদি কুকি অধ্যুষিত অঞ্চলসমূহত উগ্ৰপন্থীৰ বিচৰণৰ সম্ভেদ লাভ কৰাৰ পিছত জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলোৱা হৈছিল তীব্ৰ অভিযান ৷ আৰক্ষীৰ দলটোৱে উক্ত অভিযানৰ জৰিয়তে কেইবাটাও দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ পৰা আৰম্ভ কৰি শীৰ্ষ উগ্ৰপন্থী নেতাক মাৰণাস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হৈছিল ৷ তদুপৰি আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ ফলত উগ্ৰপন্থী সংগঠনৰ ওপৰত অস্বাভাৱিক চাপৰ সৃষ্টি হোৱাত উগ্ৰপন্থীৰ দলসমূহে জিলাখনৰ বিভিন্ন দিশে ঢাপলি মেলে বুলি কাৰ্বি আংলং আৰক্ষীৰ এক বিশেষ সূত্ৰে সদৰী কৰে ৷ শেহতীয়াকৈ জিলাখনৰ বোকাজান মহকুমাৰ টকৌজান এলেকাত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএ-ৰ সদস্যৰ মুকলি বিচৰণে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ উল্লেখ্য যে, স্থানীয় বিধায়ক ডাঃ নোমল মমিনৰ তৎপৰতাত বোকাজান থানাৰ অন্তর্গত বালিপথাৰৰ পৰা প্ৰায় ১২ কিল’মিটাৰ নিলগত অৱস্থিত নান্দনিক সৌন্দৰ্যৰে ভৰপুৰ টকৌলাংছ জলপ্ৰপাতলৈ যোৱা পথছোৱা প্ৰধানমন্ত্ৰী গ্ৰাম ছড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল ৷ বিগত স্বাধীনতা দিৱসৰ দিনা বিধায়কগৰাকীয়ে ছ’চিয়েল মেডিয়াযোগে এই জলপ্ৰপাত দৰ্শন কৰিবলৈ আহ্বান জনাইছিল পৰ্যটকক ৷ দেওবাৰে চুবুৰীয়া জিলা গোলাঘাটৰ লগতে স্থানীয় কিছুসংখ্যক প্ৰকৃতিপ্ৰেমী লোকে এই সৌন্দর্য উপভোগৰ বাবে উপস্থিত হয় টকৌলাংছত ৷ কিন্তু উক্ত সময়তে পথছোৱাৰে অতিক্ৰম কৰে কুকি সশস্ত্ৰ উগ্ৰপন্থী সংগঠনটোৰ এক বাহিনী ৷ ইউপিআৰএফৰ সেনাধ্যক্ষ মাৰ্টিন গুইটেৰ নেতৃত্বত অহা উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলৰ হাতে হাতে আছিল এম ১৬, একে ছিৰিজৰ দৰে সক্ৰিয় মাৰণাস্ত্ৰ ৷ উগ্ৰপন্থীসকলক দেখি পৰ্যটকসকল আতংকিত হৈ পৰিছিল যদিও পৰ্যটকক অভয় প্ৰদান কৰে উগ্ৰপন্থীৰ দলটোৱে ৷ আনকি পৰ্যটকসকলৰ সৈতে ছেলফিও উঠে উগ্ৰপন্থীৰ দলটোৱে ৷

উগ্ৰপন্থীৰ মুক্ত বিচৰণৰ ভিডিঅ’ ভাইৰেল

যি সময়ত ৰাজ্যৰ গৃহ বিভাগে নিৰাপত্তাৰ দিশত কটকটীয়া ব্যৱস্থা গ্ৰহণৰ কথা বাৰে বাৰে উল্লেখ কৰি আহিছে তেনেক্ষেত্ৰত এই জিলাখনত কুকি উগ্ৰপন্থীসকলৰ মুক্ত বিচৰণে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ সমাগত নিৰ্বাচনৰ ক্ষেত্ৰতো এই বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰাৰ ইংগিত ইতিমধ্যে প্ৰদান কৰিছে ৷ যদিহে গৃহ বিভাগে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে তেন্তে কিদৰে মুক্তভাৱে উগ্ৰপন্থীয়ে মাৰণাস্ত্ৰ সহিতে এনেদৰে বিচৰণ কৰিব পাৰিলে সেয়া এক উত্তৰবিহীন প্ৰশ্নৰূপে থিয় দিছে ৷ দেওবাৰে উক্ত কাৰ্য সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে অস্থায়ীবাৱে পৰ্যটকৰ বাবে জলপ্ৰপাতটো বন্ধ কৰি দিয়া হৈছে ৷

লগতে চাওকঃ বৰ্তমান কংগ্ৰেছ দলত নেতৃত্বৰ অভাৱ : শিলাদিত্য দেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.