ETV Bharat / state

ডিফু ৰেল ষ্টেচনৰ শোভাবৰ্ধনৰ বাবে ৰেলমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ - স্মাৰক-পত্ৰ

ডিফু ৰেল ষ্টেচনৰ শোভাবৰ্ধন আৰু শেহতীয়া আৰ্হিৰ তথ্য-প্ৰযুক্তিসম্পন্ন ৰেল ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে সাংসদ হৰেণসিং বেৰ ৷

কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলৰ সৈতে সাংসদ হৰেনসিং বে
author img

By

Published : Jul 30, 2019, 9:54 PM IST

ডিফু, 30 জুলাইঃ ডিফু ৰেল ষ্টেচনক বিশ্বমানৰ ৰেল ষ্টেচন হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিলে সাংসদ হৰেণসিং বে'ই ৷ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰি স্মাৰক-পত্ৰখন প্ৰদান কৰে সাংসদগৰাকীয়ে ৷

EtvBharatAssam
কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলৰ সৈতে সাংসদ হৰেনসিং বে

অতিকৈ শোচনীয় অৱস্থাত থকা পাহাৰীয়া ডিফু ৰেল ষ্টেচনটোক বিশ্বমানৰ প্ৰযুক্তিৰে উন্নীত কৰা, ষ্টেচনৰ শোভাবৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো শ্ৰেণীৰ যাত্ৰীৰ বাবে অপেক্ষা গৃহ নিৰ্মাণৰ কথা উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

Intro:ডিফু ৰেল ষ্টেচনক শেহতীয়া আৰ্হি আৰু তথ্য -প্ৰযুক্তি যুক্ত ষ্টেছন নিৰ্মাণৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীলৈ সাংসদ হৰেণছিং বে'ৰ পত্ৰ অৰ্পণ ৷

ডিফু, ৩০ জুলাই:- পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ ৰেলষ্টেচনক উন্নীত কৰণৰ সৎ প্ৰচেষ্টালৈ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী পিযুষ গোৱেলক সাক্ষাৎ কৰি মন্ত্ৰী গৰাকীৰ হাতত ডিফুৰ সাংসদ হৰেণছিং বে'ই এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷ বহু পৰিমাণৰ যাত্ৰীৰ সমাগম আৰু কেইবাখনো জিলা আৰু নাগালেণ্ডৰ দৰে ৰাজ্য এখনক সংযুক্ত কৰা ডিফু ৰেল ষ্টেছনৰ কেতবোৰ দীৰ্ঘদিনীয়া ৰেলৰ ষ্টপেজ আদি দাবী সন্নিবিষ্ট থকা স্মাৰক পত্ৰখনত ক্ৰমে, ডিফু ৰেল ষ্টেচনত জনশতাব্দী, ডিব্ৰুগড়, শিলচৰ -বৰাক এক্সপ্ৰেছক ডিফু ৰেলষ্টেছনত কমেও ৫ মিনিট আৰু মৰিয়ণি এক্সপ্ৰেছ হাৱাইপুৰ ৰেলষ্টেচনত কম পক্ষেও দুই মিনিট সময়ৰ ষ্টপেজ, অতিকৈ শোচনীয় অৱস্থাত থকা ডিফু ৰেল ষ্টচনৰ উন্নীতকৰণ কৰা, পাহাৰীয়া ৰাইজৰ দীৰ্ঘ দাবী অনুসৰি ডিফু ৰেল ষ্টেচনত এছকেলেটৰৰ স্থাপন কৰা, সাধাৰণ শ্ৰেণীৰ যাত্ৰীৰ বাবে মহিলা আৰু পুৰুষৰ অপেক্ষা গৃহ নিৰ্মাণ কৰা, নতুন প্লেটফৰ্মত শেহতীয়া আৰ্হি আৰু তথ্য প্ৰযুক্তি সম্বলিত ষ্টেচন নিৰ্মাণ কৰা আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে শেহতীয়া আৰ্হি আৰু তথ্য- প্ৰযুক্তিযুক্ত অপেক্ষা গৃহ নিৰ্মাণ কৰা দাবীৰ কথাও উল্লেখ আছে ৷ স্মাৰক পত্ৰখনৰ যোগেদি ডিফুৰ সাংসদ হৰেণছিং বে'ই পাহাৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবীক সম্মান জনাই দাবী সমূহ পূৰণ কৰিবলৈ ৰেল ৰাজ্য মন্ত্ৰী গৰাকীলৈ আহ্বান জনায় ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*************Conclusion:*****************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.