ETV Bharat / state

ধনশিৰিত ৰাইজৰ বিশাল ৰেলী, চৰকাৰক এমাহৰ সময়সীমা - ধনশিৰি

কাৰ্বি আংলং জিলাৰ ধনশিৰিত বৃহস্পতিবাৰে ৰাইজে বাহিৰ কৰে এক বিশাল ৰেলী ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দাবীৰে ৰাইজে বাহিৰ কৰে এই ৰেলী ৷ অসম চৰকাৰৰ লগতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদক এমাহৰ ভিতৰত ৰাইজৰ দাবীসমূহ পূৰণ কৰিবলৈ সময়সীমা প্ৰদান আডছু,আছা আৰু নেপালী ছাত্ৰ সন্থাৰ ৷

ধনশিৰিত ৰাইজৰ বিশাল ৰেলী
author img

By

Published : Nov 8, 2019, 4:54 AM IST

Updated : Nov 8, 2019, 8:24 AM IST

ডিফু, 7 নৱেম্বৰঃ যিটো সময়ত কোটি টকা খৰচ কৰি কাৰ্বি স্বায়ত্বশাসিত পৰিষদে কৰ্মশালাৰ লগতে প্ৰশাসনিক ভৱন উদ্বোধন কৰিছে তেনে সময়তে পৰিষদৰ বিৰুদ্ধে ওলাই আহিল ধনশিৰি সমষ্টিৰ বিশাল ৰাইজ ৷ বৃহস্পতিবাৰে ধনশিৰি বিধানসভাৰ সহস্ৰাধিক ৰাইজে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে বাহিৰ কৰে বিশাল প্ৰতিবাদী ৰেলী ৷

ধনশিৰিত ৰাইজৰ বিশাল ৰেলী

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজক দীৰ্ঘদিন ধৰি চৰকাৰে প্ৰতাৰণা কৰি আহিছে ৷ উন্নয়নৰ নামত মাটি এচপৰাও পৰা নাই এইটো অঞ্চলত ৷ ৰাস্তা-ঘাটকে ধৰি,বিদ্যালয়,চিকিৎসালয়,খোৱাপানী,বিদ্যুৎ যোগান আদি সমস্যাৰে জৰ্জৰিত অঞ্চলটোত অসম চৰকাৰৰ লগতে কাৰ্বি স্বায়ত্বশাসিত পৰিষদে একপ্ৰকাৰ এলাগী কৰি পেলাইছে ৷ ফলশ্ৰুতিত,বৃহস্পতিবাৰে এইদৰে চৰকাৰবিৰোধী শ্ল'গানেৰে ওলাই আহে শতাধিক ৰাইজ ৷ আডছু,আছা আৰু নেপালী ছাত্ৰ সন্থাৰ নেতৃত্বত বাহিৰ কৰা ৰেলীত অংশগ্ৰহণ কৰে সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে ৷ সমদলৰ দ্বাৰাই সংগঠন কেইটাই অসম চৰকাৰৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক এমাহৰ সময়সীমা প্ৰদান কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷

লগতে চাওকঃ ভাৰতৰ নতুন মানচিত্ৰক লৈ নেপালত উত্তেজনা !

Intro:অসম নগালেণ্ড সীমান্তৰ ৰাইজ ৰাজপথত , ৰাস্তা দিয়ক , কাৰেণ্ট দিয়ক , চিকিৎসক দিয়ক ধ্বনি

_____________________________________ 

ডিফু, ৭ নৱেম্বৰ:- বিজেপি চৰকাৰে বিকাশৰ শ্লগান দি আহিছে যদিও এতিয়া ৰাজ্যৰ বিভিন্ন এলেকাৰ ৰাইজে বিনাশৰ বিৰোধে ৰাজপথত নামিবলৈ বাধ্য হৈছে ৷ অসম-নগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ ধনশিৰি এলেকাৰ ছাত্ৰছাত্ৰী আৰু ৰাইজ আজি ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰোধে প্ৰতিবাদত নামিল ৷ ৰাস্তা নিৰ্মাণ , চিকিৎসাক নিযুক্তি , বিজুলী যোগানৰ দাবীত আজি ৰাইজে প্ৰতিবাদ কৰে ৷ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে বিদ্যুতৰ অভাবত মম জ্বলাই পঢ়া যন্ত্ৰণাৰ কথা কোৱাৰ লগতে পথৰ দুৰৱস্থাৰ বাবে সময়ত বিদ্যালয় নোপোৱা বুলি দুখ কৰে ৷ আনহাতে  এগৰাকী আয়ুবেদিক চিকিৎসাকেৰে বছৰ বছৰ ধৰি চলি আছে ধনশিৰি চিকিৎসালয় ৷ নাই এম্বুলেন্স ৷ পথৰ দুৰৱস্থাই ৰোগীক দিয়া যন্ত্ৰণা কথা কয় আডছু , আছা আৰু নেপালী ছাত্ৰ সন্হাৰ নেতৃত্বই ৷ এমাহৰ ভিতৰত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ আৰু অসম চৰকাৰে ব্যৱস্থা নললে অধিক আন্দোলনৰ কাৰ্যসূচী ল’ব বুলি স্পষ্ট কৰে৷

ছাইদুল ইছলাম, ডিফু ৷

___------______________________________-Body:*****---Conclusion:*********
Last Updated : Nov 8, 2019, 8:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.