ETV Bharat / state

ডিফুত বিজেপিৰ বিজয় উৎসৱ; 1662 জনৰ বিজেপিত যোগদান

author img

By

Published : Jul 6, 2022, 10:15 PM IST

বুধবাৰে ডিফুত আয়োজন কৰা হয় বিজেপিৰ বিজয় উৎসৱ (BJP victory celebration in Diphu) ৷ এই উৎসৱতে বিভিন্ন দল সংগঠন ত্যাগ কৰি 1662 জন সদস্যই বিজেপিত যোগদান কৰে(Many people join BJP) ৷

BJP celebrates victory in Diphu
ডিফুত বিজেপিৰ বিজয় উৎসৱ

ডিফু, 6 জুলাই : বিগত 8 জুনত আয়োজিত হোৱা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত (KAAC Election 2022) 26 খন আসনৰ আটাইকেইখনতে জয়লাভ কৰি কাৰ্বি আংলঙৰ ৰাজনীতিত একপ্ৰকাৰ ইতিহাসৰ সূচনা কৰিছিল বিজেপি দলে ৷ বিজেপি দলে পৰিষদৰ চৰকাৰ গঠনৰ পিছত জিলাখনৰ সদৰ চহৰ ডিফুত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিজয়োৎসৱ পালন কৰে(BJP victory celebration in Diphu) ।

বুধবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিটো সমষ্টিৰে সকলো পৰ্যায়ৰ সমিতিসমূহৰ নেতৃবৰ্গৰ উপস্থিতিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত কৰা হয় এক বিশাল সভাৰ ৷ এই সভাখনত সদ্যসমাপ্ত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয় বৰণ কৰা কেইবাগৰাকীও প্ৰাৰ্থীৰ লগতে APHLC, ASDC, কংগ্ৰেছ আদি দলৰ পৰা আহি 1662 জনে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে (Many people join BJP) ।

ডিফুত বিজেপিৰ বিজয় উৎসৱ

বুধবাৰে বিজেপিত যোগদান কৰা সকলৰ ভিতৰত প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং তিচʼ, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ছিমিয়ন ৰংফাৰ, ৰাংছিনা হাঞ্চে, কাংবুৰা হাঞ্চে, চিকাৰী কাথাৰ, লংকিৰি তিচʼ, ক্লিৰদাপ তেৰাং, মহেন বেʼ, ৰূপেশ বেʼ, কাৰেং ফাংছʼপী আদি বিশেষভাৱে উল্লেখযোগ্য ।

জনাকীৰ্ণ সভাখনত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদানৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাইজক উদ্দেশ্যি মঞ্চৰ ওপৰতে আঠু কাঢ়ি সেৱা লৈ পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰাইজৰ আশীষ গ্ৰহণ কৰে । ৰাইজক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে নিবনুৱা সমস্যা সমাধানৰ বাবে নিযুক্তি প্ৰদানৰ ব্যৱস্থা লোৱা বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে : বিৰোধী দলপতি

কাৰ্বি আংলঙৰ স্থায়ী শান্তি স্থাপনৰ বাবে চৰকাৰখনে কাম কৰা বুলি উল্লেখ কৰি সকলো জাতি-জনগোষ্ঠীৰ মাজত সমিল-মিলেৰে এখন নতুন কাৰ্বি আংলং গঢ়াৰ কথা উল্লেখ কৰে । এইক্ষেত্ৰত জিলাখনৰ‌ সকলো ৰাইজৰে আশীৰ্বাদ আৰু দিহা পৰামৰ্শ কামনা কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে ।

দলত নতুনকৈ যোগদান কৰা‌ সকলোকে দলৰ মজিয়ালৈ আদৰণি জনাই মুখ্য কাৰ্যবাহী গৰাকীয়ে টীম কাৰ্বি আংলঙে সকলোকে লগত লৈ ঐক্যবদ্ধভাৱে কাম কৰি যাব বুলি কয় । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী ৰংহাঙে এইবাৰৰ নিৰ্বাচনত কাৰ্বি আংলঙৰ ৰাইজে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাই নতুন চৰকাৰখনে আন্তঃৰাজ্যিক সমস্যা, নিবনুৱা সমস্যাকে ধৰি সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত আলাপ আলোচনাৰ মাজেৰে আগবাঢ়ি যাব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা APHLC ৰ

দল আৰু চৰকাৰক একেলগে কাম কৰি যোৱাৰ বাবে আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এখন নতুন কাৰ্বি আংলং গঢ়াৰ স্বাৰ্থত সকলো দল-সংগঠনকে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াই সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায় । আনহাতে, APHLC দলৰ সভাপতি জন ইংতি কাথাৰে অলপতে আয়োজিত হৈ যোৱা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অবৈধ বুলি অভিযোগ কৰি পৰিষদৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ বাবে জনোৱা দাবী জনাইছিল (APHLC alleged KAAC election in Karbi Anglong illegal) ৷

এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহীগৰাকীয়ে কয় যে, দলটোৰ এনে অভিযোগ থাকিলে নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই ৰাজ্যিক নিৰ্বাচনী আয়োগক লিখিতভাৱে জনোৱা প্ৰয়োজন আছিল ৷ যদিও দলটোৱে তেনে‌ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । এই সভাত বিধায়ক বিদ্যাছিং ইংলেং আৰু ৰূপছিং টেৰণে প্ৰদান কৰা ভাষণতো APHLCৰ সভাপতি জন ইংতি কাথাৰক কঠোৰ ভাষাৰে সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় ।

দলটোৰ সভাপতিগৰাকীৰ কাৰ্যকলাপৰ কঠোৰ সমালোচনা কৰি এনে কাৰ্যকলাপে জনজাতীয় আৰু অজনজাতীয় লোকসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰে । সাংসদ হৰেণছিং বেʼই ভাষণ প্ৰসংগত APHLCৰ সভাপতি জন ইংতি কাথাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক : APHLC ৰ মুখপাত্ৰ আংতং ইংতি কথাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.