ETV Bharat / state

KSA leader arrested: ডিফুত KSA নেতাক গ্ৰেপ্তাৰ

author img

By

Published : Feb 1, 2023, 3:23 PM IST

ডিফুত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰিৰ পুত্ৰৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱাক লৈ ৰুজু হৈছিল এক গোচৰ(Diphu business man viral video) । এই গোচৰ চলি থকাৰ মাজতে এটা সংগঠনৰ এজন নেতাক গ্ৰেপ্তাৰ কৰাক লৈ KSA নামৰ সংগঠনে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া(KSA leader arrested for viral video) ।

KSA leader arrested for viral video
ডিফুত KSA নেতাক গ্ৰেপ্তাৰ
ডিফুত KSA নেতাক গ্ৰেপ্তাৰ

ডিফু,১ ফেব্ৰুৱাৰী: বিগত কিছুদিনৰ পৰা ডিফুৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী 'শ্ৰী মংগল ব্যৱসায়িক প্ৰতিষ্ঠান স্বত্বাধিকাৰীৰ পুত্ৰৰ অশ্লীল ভাইৰেল ভিডিঅ'ক লৈ জিলাখনৰ লগতে সদৰ চহৰ ডিফুত চেঁপা উত্তেজনাই বিৰাজ কৰিছে(Diphu business man viral video) ৷ ডিফুৰ 'শ্ৰী মংগল' ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ অশ্লীল ভাইৰেল ভিডিঅ'টোৰ সৈতে দুগৰাকী ছাত্ৰনেতাৰ নাম সাঙোৰ খাই পৰিছে ৷ সামাজিক মাধ্যমত ভাইৰেল হৈছিল এগৰাকী যুৱতীৰ সৈতে উলংগ অৱস্থাত থকা শ্ৰী মংগল প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ বিতৰ্কিত ভিডিঅ'টো(proprietor of Sri Mangal viral video Diphu) ৷

ইয়াকে লৈ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ বিৰুদ্ধে জিলাখনৰ বহু যুৱতীক ধনৰ বলত পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কেএছএৰ একাংশ নেতা-কৰ্মী, মহিলা সংগঠন কে এ ডব্লিউ জে এফে(student leader accused in Diphu viral video) ৷ সংগঠন কেইটাৰ একাংশ নেতা-কৰ্মীয়ে ব্যৱসায়ীগৰাকীৰ পুত্ৰক ৰক্ষণাৱেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছিল ৷

ইয়াৰ মাজতে সোমবাৰে এই প্ৰসংগত ডিফু আৰক্ষীয়ে কাৰ্বি ছাত্ৰ সন্থা(KSA)ৰ ৰাকেশ তেৰাং নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত KSA য়ে এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে(KSA leader arrested for viral video) ৷ এক অজ্ঞাত স্থানৰ পৰা মঙলবাৰে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাকেশ তেৰাং নামৰ KSA ৰ নেতা গৰাকীক ৷ ৰাকেশক গ্ৰেপ্তাৰ কৰি নিশাই ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰাকেশ তেৰাঙৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়(Diphu business man son naked video viral) ৷

এই ঘটনা সন্দৰ্ভত ১০ জানুৱাৰীত ব্যৱসায়ীগৰাকীৰ পুত্ৰই দাখিল কৰছিল এখন এজাহাৰ ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি ব্যৱসায়ীগৰাকীৰ পুত্ৰক বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যোৱা হৈছিল বুলি অভিযোগ কৰিছে ৷ লগতে ভয় ভাবুকি দি যুৱতীৰ ওচৰত উলংগ কৰাই বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ অভিযোগ কৰিছে ৷ এই লৈ ডিফু থানাত ৩৪২/ ৫০৬/ ৩২৩/ ৩৮৬/ ৩৪ ধাৰাত ৰুজু হৈছিল এটা গোচৰ ।

ৰাকেশ তেৰাং আৰু পল তেৰাঙৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাকেশ তেৰাঙক ৷ কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই ৷ বিপৰীতে ছাত্ৰ সংগঠনটোৰ একাংশ নেতাই ৰাকেশ তেৰাং নিৰ্দোষী বুলি দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Increased ferry service fares: ফেৰী সেৱাৰ ভাৰা বৃদ্ধিৰে মাজুলীবাসীৰ মূৰত মূল্যবৃদ্ধিৰ মাধমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.