ETV Bharat / state

AHSECৰ পৰা বিকল্প ইংৰাজী বিষয় বাতিলৰ বিৰোধিতা কাৰ্বি লামেট আমেইৰ

author img

By

Published : Aug 13, 2021, 1:53 PM IST

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা বিকল্প ইংৰাজী বিষয় বাতিলৰ সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিলে কাৰ্বি লামেট আমেই(KARBI LAMET AMEI) । বিকল্প ইংৰাজী বিষয় সন্দৰ্ভত পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখাৰ দাবীৰে কাৰ্বি লামেট আমেইৰ তৰফৰ পৰা মুখ্য কাৰ্যবাহী সদস্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ।

KLA SUBMITS MEMORENDUM AGAINST REMOVAL ALTERNATIVE ENGLISH FROM AHSEC
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা বিকল্প ইংৰাজী বিষয় বাতিলৰ বিৰোধিতা KLAৰ

ডিফু, ১৩ আগষ্ট : চলিত শিক্ষাবৰ্ষৰ পৰা AHSECৰ পাঠ্যপুথিৰ পৰা বাতিল বিকল্প ইংৰাজী বিষয় ৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাৰ মাধ্যমত শিক্ষাদান কৰাৰ লক্ষ্য আগত ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্বৰে পৰা আধুনিক ভাৰতীয় ভাষা হিচাপে চলি অহা বিকল্প ইংৰাজী বিষয়টো বাতিল কৰা কথা ঘোষণা কৰিছে ৷

এই ঘোষণাৰ পিছতেই পাহাৰীয়া জিলাকেইখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাৰ্বি আংলং জিলাৰ বিভিন্ন সংগঠনে শিক্ষা সংসদৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত কাৰ্বি লামেট আমেই(কাৰবি সাহিত্য সভা)ৰ তৰফৰ পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ।

কাৰ্বি লামেট আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপি আৰু সম্পাদক লীলাধৰ টেৰণ স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ জৰিয়তে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এনে সিদ্ধান্ত দুৰ্ভাগ্যজনক আখ্যা দিয়া হয় ।

লগতে উচ্চতৰ মাধ্যমিক শাখাত পুনৰ পূৰ্বৰ দৰে আধুনিক ভাৰতীয় ভাষাৰ শিতানত বিকল্প ইংৰাজী বিষয় অন্তৰ্ভুক্ত কৰি সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদানৰ দাবী জনোৱা হয় ৷ আনহাতে, বিকল্প ইংৰাজীৰ দৰে বিষয় পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰিব বিচাৰিলে প্ৰথমে বিদ্যালয় পৰ্যায়ৰ পৰা এনে প্ৰক্ৰিয়া আৰম্ভ কৰা উচিত বুলি স্মাৰক পত্ৰখনত পৰামৰ্শ প্ৰদান কৰা হয় ৷

লগতে উচ্চতৰ মাধ্যমিক শাখাত কাৰ্বি ভাষাক আধুনিক ভাৰতীয় ভাষাৰ শিতানত অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত বিকল্প ইংৰাজী বিষয়ক আধুনিক ভাৰতীয় ভাষাৰ হিচাপে বিবেচনা কৰাৰ দাবী জনায় কাৰ্বি লামেট আমেই ৷ আনহাতে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ সকলো বিদ্যালয়তে কাৰ্বি ভাষাত শিক্ষা প্ৰদান কৰাৰো দাবী জনায় সংগঠনটোৱে ।

ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাৰ বাহিৰৰ স্থানসমূহতো য'ত ত্ৰিশ শতাংশ কাৰ্বি ভাষা ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰী আছে তেনেসমূহ শিক্ষানুষ্ঠানতো কাৰ্বি ভাষাত পাঠদানৰ ব্যৱস্থা কৰাৰ বাবে কাৰ্বি লামেট আমেই দাবী জনায় ৷ ইয়াৰ পূৰ্বে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল কাৰ্বি ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:কলিয়াবৰত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা লালি গুড় জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.