ETV Bharat / state

ডিফুত কাৰ্বি আংলং শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন - কাৰ্বি শান্তি চুক্তি

দেওবাৰে ডিফুত আয়োজন কৰা হয় কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰে হোৱা শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি (Karbi Anglong peace accord 1st anniversary celebrated in diphu) ৷ এই অনুষ্ঠান উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে', বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙৰ লগতে বহু গণ্যমান্য ব্যক্তি ৷

Karbi Anglong peace accord
ডিফুত কাৰ্বি আংলং শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন
author img

By

Published : Sep 4, 2022, 10:40 PM IST

Updated : Sep 4, 2022, 10:53 PM IST

ডিফু, ৪ ছেপ্টেম্বৰ : ২০২১ বৰ্ষৰ ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনে সহস্ৰ পন্থা পৰিহাৰ কৰি চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি সম্পন্ন কৰে ৷ এই লৈ দেওবাৰে ডিফুৰ লাংটুং হাবে মেমৰিয়েল টাউন হলত চুক্তি স্বাক্ষৰ কৰা ছয়টা উগ্ৰপন্থী সংগঠনৰ উমৈহতীয়া মঞ্চ ‘কেৰাফে’ৱে উক্ত শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি আজি পালন কৰে (Karbi Anglong peace accord 1st anniversary celebrated in diphu) ৷

ডিফুত কাৰ্বি আংলং শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন

কেৰাফাৰ শীৰ্ষ নেতা পি দিলীৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ লগতে সাংসদ হৰেণছিং বে', বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি, কেৰাফৰ কেইবাগৰাকী শীৰ্ষ নেতা আৰু সদস্য ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত আছে ৷ চুক্তি স্বাক্ষৰকাৰী সংগঠনকেইটাৰ কেডাৰসকলে ইচ্ছা কৰিলে পৰিষদৰ উদ্যোগ বিভাগৰ তৰফৰ পৰা ৫ লাখৰ পৰা ৫০ লাখলৈকেও ঋণ গ্ৰহণ কৰিব পাৰে ৷

লগতে সীমান্ত এলেকাত বিভিন্ন স্বনিয়োজন আঁচনিৰে (Memorandum of Settlemen) সংস্থাপন বিচাৰিলে পৰিষদে কেডাৰ সকলক ৫-১০ বিঘা ভূমি বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে মূল্যবান গছপুলিও পৰিষদৰ তৰফৰ পৰা যোগান ধৰা হ’ব বুলি কয় ৰংহাঙে ৷ ইয়াৰোপৰি কেডাৰসকলক আগন্তুক পৰিষদৰ বাজেটৰ জৰিয়তে ৫০ লাখ টকাকৈ এককালীন সাহায্যও প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক : ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজন : পীযুষ হাজৰিকা

Last Updated : Sep 4, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.