ডিফু, ৪ এপ্ৰিল : বুধবাৰে মাঞ্জাৰ সমীপৰ খেৰণিত উদ্বোধন কৰা হয় জিনফেড ব'ৰ্ড অধ্যক্ষৰ স্থায়ী কাৰ্যালয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC CEM Tuliram Ronghang) ফিটা কাটি শুভ উদ্ধোধন কৰে জিনফেড ব'ৰ্ডৰ অধ্যক্ষৰ স্থায়ী কাৰ্যালয় ৷ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰি জিনফেডৰ অধ্যক্ষ জনি তিমুঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, মাঞ্জাস্থিত জিনফেড কাৰ্যালয়টো সমবায় আইনৰ অধীনত পঞ্জীয়নভুক্ত হোৱাৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আহিছিল ৷ দুবছৰ পূৰ্বে জিনফেডৰ অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ জিনফেডৰ তথৈবচ অৱস্থা প্ৰত্যক্ষ কৰি আহিছিল ৷
ইফালে উপায়ুক্ত কাৰ্যালয়ৰ দ্বাৰা নিয়ন্ত্ৰিত জিনফেড বিগত মাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰী সভা এতিয়াৰে পৰা পৰিষদৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে অধ্যক্ষ জনি তিমুঙে ৷ এতিয়াৰে পৰা জিলাখনৰ ক্ষুদ্ৰ আদা খেতিয়কসকলক নতুকৈ পৰিষদৰ অধীনত পঞ্জীয়নভুক্ত কৰাৰ লগতে নতুন আৰ্হি প্ৰস্তুত কৰি বেংকৰ জৰিয়তে ঋণ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয় ৷
ইয়াৰ পূৰ্বে আদাৰ খেতিয়কসকলে বেপাৰীসকলৰ পৰা লোৱা অগ্ৰিম ধনৰ বাবে বজাৰতকৈ কম মূল্যত সেই বেপাৰীসকলকে আদাৰ যোগান ধৰিব লাগিছিল ৷ বৰ্তমান জিনফেডে যোগ্য আদাখেতিয়ক সকলক আদাৰ বীজ যোগান ধৰাৰ লগতে উৎপাদিত আদা কৃষক সকলৰ পৰা উচিত মূল্যত ক্ৰয় কৰি সেইবোৰ আন্তৰ্জাতিক বজাৰত বিক্ৰী কৰা হ'ব বুলি তেওঁ কয় ৷
ইফালে, এই ক্ষেত্ৰত আদাৰ খেতিয়ক সকলকো সজাগ হৈ থাকিবলৈ আহ্বান জনাই অধ্যক্ষ জনি তিমুঙে কয় যে, আদাৰ বাবে যাতে কাৰো পৰা কৃষকসকলে অগ্ৰিম ধন নকৰে আৰু কম মূল্যত বিক্ৰী যাতে নকৰে ৷ লগতে জিনফেডে কাৰ্বি আংলঙত উৎপাদিত আদাৰ উচিত মূল্য প্ৰদান কৰা হ'ব বুলি তেওঁ কয় ৷
লগতে পঢ়ক : KAAC ELECTION 2022 : ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শন